Nupur Bora Arrested:
আকৌ চিএম ভিজিলেঞ্চেৰ জালত দুর্নীতিগ্রস্ত প্ৰাক্তন এচিএছ বিষয়া নুপূৰ বৰা ৷ বৰপেটাৰ জিলা আয়ুক্ত আৰু সহকাৰী আয়ুক্তই দাখিল কৰা এজাহাৰ ভিত্তিত চিএম ভিজিলেঞ্চে গ্ৰেপ্তাৰ কৰে বিতর্কিত বিষয়া গৰাকীক ৷
ADVERTISEMENT
উল্লেখ্য যে টকাৰ বিনিময়ত পঞ্জীয়ন নকৰাকৈয়ে অবৈধভাৱে ভূমি নামজাৰি কৰাৰ অভিযোগ বিষয়া গৰাকীৰ বিৰুদ্ধে উদ্থাপিত হৈছিল। আনকি চিএম ভিজিলেঞ্চে তেওঁৰ বাসগৃহত অভিযান চলোৱাৰ সময়ত ৭০ গৰাকী ব্যক্তিৰ সন্দেহজনক ভূমিৰ নথি জব্দ কৰিছিল । এই সকল সন্দেহজনক লোকলৈ লাখ লাখ টকাৰ বিনিময়ত জালিয়াতিৰে মাটি নামজাৰী কৰাৰ অভিযোগৰ সমান্তৰালভাৱে ভূমিৰ স্বত্ব সলনি কৰাৰ এক বৃহৎ চক্ৰৰ লগত নুপূৰ বৰা জড়িত থকাৰ সন্দেহ কৰিছে চিএম ভিজিলেঞ্চে।




































