Sivsagar:✒️নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰটা মাহ থকা অৱস্থাত নিৰ্বাচন আয়োগৰ অধিসূচনা জাৰি হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰীয়ে সমগ্ৰ ৰাজ্যত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে ৷
বুধবাৰে শিৱসাগৰত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত অংশ লয় মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ৷ জিলা খনৰ ৪৩,৭১১ গৰাকী মহিলাৰ মাজত বিতৰণ কৰা হয় ১০ হেজাৰ টকাৰ চেক ৷ এই উপলক্ষে আয়োজিত সভাত মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণ দি থকাৰ সময়ত মঞ্চত উপস্থিত হয় শিৱসাগৰৰ বিধায়ক অখিল গগৈ ৷ বিধায়ক গৰাকীয়ে আনকি থাউৰাৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁই স’তে কৰমৰ্দন কৰাৰ মাজতে মুখ্যমন্ত্ৰীৰ ফুলাম গামোচা পিন্ধাই ৷ ইয়াৰ পিছত মঞ্চত উপবিষ্ট হৈ মুখ্যমন্ত্ৰীৰ সুদীৰ্ঘ ভাষণ শুনে ৷
ইয়াৰ পিছতে উদ্যমিতা আঁচনিৰ চেক বিতৰণত মুখ্যমন্ত্ৰীৰ স’তে একেশাৰীত থিয় হৈ চেক বিতৰণ কৰে ৷ অনুষ্ঠানত শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগুও উপস্থিত থাকে ৷






























