অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)-এ যোৱা বিত্তীয় বর্ষত লাভ অর্জন কৰিও উপভোক্তাৰ মাচুল হ্ৰাসৰ কোনো ব্যৱস্থা গ্রহণ কৰা নাই। তাৰ পৰিৱৰ্তে অতি পৰিকল্পিতভাবে মাচুল বৃদ্ধিৰ দুৱাৰহে মুকলি ৰাখিছে। এপিডিচিএলে যোৱা বিত্তীয় বৰ্ষত চাৰিশ কোটি টকা লাভ অর্জন কৰে।
বিদ্যুৎ যিহেতু এটা অত্যাৱশ্যকীয় সেৱা আৰু এপিডিচিএল যিহেতু এটা চৰকাৰী কোম্পানী, সেয়েহে নিয়ম অনুসৰি লভ্যাংশৰ নিৰিখত পৰৱৰ্তী সময়ত মাচুল হ্রাস কৰিব লাগে। তাৰ বিপৰীতে প্ৰতিষ্ঠানটোরে মাচুল বৃদ্ধি নকৰিলেও মাচুল হ্ৰাসৰ প্ৰস্তারো অসম বিদ্যুৎ নিয়ামক আয়োগক দাখিল কৰা নাই। অৰ্থাৎ মাচুলৰ পৰিমাণ পূৰ্বৰ হিচাপতেই বাহাল ৰাখিছে; বৰঞ্চ এইবাৰ প্ৰতি ইউনিট বিদ্যুতৰ যোগান ব্যয় যোৱাবাৰৰ তুলনাত ১৯ পইচা বৃদ্ধি কৰিছে।
এনেদৰেই অতি কৌশলৰে মাচুল বৃদ্ধিৰ দুৱাৰ প্ৰতিষ্ঠানটোৱে মুকলি ৰাখিছে। আকৌ নতুন সংযোগৰ ক্ষেত্ৰতো গ্রাহকক মাধমাৰ শোধাইছে প্রতিষ্ঠানটোৱে। অসমত নতুনকৈ ঘৰুৱা বিদ্যুৎ সংযোগ ল’ব বিচাৰিলে এজন উপভোক্তাই ১০-১২ হেজাৰ টকা ব্যয় কৰিব লাগে। ইয়াৰে ন হেজাৰ টকাই হ’ল স্মার্ট মিটাৰৰ মূল্য। অথচ স্মার্ট মিটাৰৰ পূৰ্বে নতুন সংযোগৰ বিনিময়ত ব্যয় হৈছিল সৰ্বাধিক চাৰি হেজাৰ টকা।
প্রসংগক্রমে উল্লেখ্য যে অসমত এতিয়ালৈকে ৫০ লাখ উপভোক্তাৰ ডিজিটেল মিটাৰ সলনি কৰি প্রিপেইড স্মার্ট মিটাৰ সংযোগ কৰা হৈছে। ডিজিটেল মিটাৰ সংস্থাপনৰ সময়ত উপভোক্তাৰ পৰা যি আমানতৰ ধন জমা ৰাখিছিল, সেয়া আজিলৈকে নিয়ম অনুসৰি ওভতাই দিয়া নাই। এনে ধৰণে গ্ৰাহকৰ ওপৰত কৌশলৰে আৰ্থিক চাপৰ সৃষ্টি কৰা এপিডিচিএলে অদ্যাপি কাৰ্যকৰী কৰা নাই বিদ্যুৎ নীতিত থকা উপভোক্তাৰ অধিকাৰ।
উল্লেখ্য যে এই নীতিৰ অধীনত ভাৰত চৰকাৰে ২০২০ৰ ৩১ ডিচেম্বৰত জাৰি কৰা জাননীত গ্রাহকৰ অভাব-অভিযোগ নিষ্পত্তিকৰণৰ বাবে ৰাজ্যিক, জিলা, মণ্ডল আৰু সংমণ্ডল পৰ্যায়ত গ্ৰাহকৰ অভিযোগ নিষ্পত্তি মঞ্চ গঠন বাধ্যতামূলক বুলি উল্লেখ কৰিছে।
কিন্তু আজিলৈকে এপিডিচিএলে এই মঞ্চ গঠনত উদাসীন হৈ আহিছে। আনকি অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগেও এনে মঞ্চ গঠন কৰিবলৈ এপিডিচিএলক কেতিয়াবাই নির্দেশ দিছিল। সেই নির্দেশ আজিকোপতি অংগুষ্ঠ প্ৰদৰ্শন কৰি আহিছে এপিডিচিএলে।
ইপিনে, কালি সদৌ অসম বিদ্যুৎ গ্রাহক সন্থাই সদৰী কৰে যে অহা ১০ ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকে কে’বাটাও দাবীক লৈ জিলাই জিলাই প্ৰচাৰ অভিযান আৰম্ভ কৰিব। তদুপৰি ১৬ ফেব্ৰুৱাৰীত ৰাজ্যজুৰি দাবী দিৱসো পালন কৰা হ’ব বুলি জনায় সন্থাৰ আহ্বায়ক অজয় আচার্যই। সংগঠনটোরে উত্থাপন কৰা দাবীবোৰৰ ভিতৰত আছে- ঘৰুৱা গ্রাহকক প্রতিমাহত ১২৫ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ যোগান ধৰা, লভ্যাংশৰ নিৰিখত মাচুল হ্রাস কৰা, অভিযোগ নিষ্পত্তি কোষ গঠন কৰা, বিদ্যুৎস্পৃষ্ঠ হৈ মৃত্যু হোৱা লোকক উপযুক্ত ক্ষতিপূৰণ দিয়া, ৰাজহুৱা শক্তি বিতৰণ ব্যৱস্থাৰ বেচৰকাৰীকৰণ প্রক্রিয়া বন্ধ কৰা আৰু নতুন সংযোগ দিয়া ঘৰুৱা গ্রাহকক বিনামূলীয়াকৈ মিটাৰ যোগান ধৰা।






























