Punjub :✒️পঞ্জাৱৰ তৰণ তাৰণ জিলাৰ সীমান্তৱৰ্তী অঞ্চলত আৰক্ষীৰ দৃষ্টিত পৰে পাকিস্তানৰ এখন সন্দেহজনক ড্ৰ’ন।
ADVERTISEMENT
বিএছএফৰ স’তে যুটীয়া অভিযান চলাই ড্ৰ’নখন এখন খেতিপথাৰত নিষ্ক্ৰিয় কৰা হয়।
ড্ৰ’নখনৰ পৰা তিনি কেজি ৯২৫ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰি বাজেয়াপ্ত কৰা হৈছে বুলি জনালে পঞ্জাৱ আৰক্ষীৰ ডিৰেক্টৰ জেনেৰেল গৌৰৱ যাদৱে।
প্ৰযুক্তি ব্যৱহাৰ কৰি সীমান্ত পাৰ কৰি মাদক সৰবৰাহৰ চেষ্টা কৰা হৈছিল বুলি আৰক্ষীৰ সন্দেহ।
ঘটনাৰ স’তে জড়িত সৰবৰাহ চক্ৰ আৰু ব্যৱহৃত পথ চিনাক্ত কৰিবলৈ তদন্ত অব্যাহত আছে।






























