দেশত মৃত ব্যক্তিৰ আধাৰৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। সংসদত দিয়া উত্তৰত জনোৱা হৈছে যে শেহতীয়া ছয় মাহতে প্ৰায় ২.৫ কোটি মৃত ব্যক্তিৰ আধাৰ কাৰ্ড নিষ্ক্ৰিয় কৰা হৈছে।
উল্লেখযোগ্য যে ২০১১ৰ পৰা ২০২৫লৈ ১৪ বছৰত মুঠে ১.১৫ কোটি আধাৰহে নিষ্ক্ৰিয় কৰা হৈছিল বুলি আগতে RTIৰ উত্তৰত জনাইছিল UIDAIয়ে।
দেশৰ মৃত্যুহাৰৰ তুলনাত এই সংখ্যা অত্যন্ত কম বুলি সমালোচনা উত্থাপন হৈছিল। তাৰ পিছতেই ব্যাপকভাৱে আৰম্ভ কৰা হৈছে আধাৰ নিষ্ক্ৰিয়কৰণ অভিযান।
প্ৰশাসনৰ মতে, বহু মৃত ব্যক্তিৰ আধাৰ সক্ৰিয় হৈ থকাৰ ফলত অপব্যৱহাৰৰ আশংকা বৃদ্ধি পাইছিল। যদিও আধাৰ নাগৰিকত্বৰ প্ৰমাণপত্ৰ নহয়, তথাপি অধিকাংশ চৰকাৰী সেৱা লাভ কৰাৰ ক্ষেত্ৰত আধাৰৰ ব্যৱহাৰ অত্যন্ত গুৰুত্বপূৰ্ণ।
আনহাতে আধাৰৰ সহায়ত অন্যান্য চৰকাৰী নথি তৈয়াৰ কৰাও সহজ।
এই পৰিপ্ৰেক্ষিতত মৃত ব্যক্তিৰ আধাৰ সক্ৰিয় থাকিলে বেআইনি ব্যৱহাৰৰ সম্ভাৱনা বৃদ্ধি পায় বুলি আশংকা প্ৰকাশ কৰা হৈছে। সেই কাৰণেই মৃত্যুহাৰৰ স’তে আধাৰ নিষ্ক্ৰিয়কৰণৰ হাৰ সামঞ্জস্য কৰিবলৈ তৎপৰ হৈছে কেন্দ্ৰ।






























