জানুৱাৰী মাহত দেশৰ বায়ু দূষণত নতুন ৰেকৰ্ড গঢ়িলে উত্তৰপ্ৰদেশৰ গাজিয়াবাদে। দিল্লীক পিছ পেলাই এইবাৰ গাজিয়াবাদেই হৈছে দেশৰ আটাইতকৈ দূষিত চহৰ।
আন্তর্জাতিক গৱেষণা সংস্থা Centre for Research on Energy and Clean Air (CREA)-ৰ প্ৰতিবেদন অনুসৰি, জানুৱাৰী মাহত গাজিয়াবাদত PM2.5-ৰ গড় পৰিমাণ আছিল প্ৰতি ঘনমিটাৰত ১৮৪ মাইক্ৰোগ্ৰাম।
মাহটোৰ প্ৰতিদিনেই চহৰখনত বায়ুৰ মান ৰাষ্ট্ৰীয় সীমা অতিক্ৰম কৰিছিল বুলিও জানোৱা হৈছে।
ইফালে দিল্লীত PM2.5-ৰ গড় আছিল ১৬৯ মাইক্ৰোগ্ৰাম—যি স্বাভাৱিক সীমাৰ (৬০) তুলনাত প্ৰায় তিনিগুণ বেছি। জানুৱাৰী মাহৰ ৩১ দিনৰ ভিতৰত ২৪ দিন দিল্লীৰ বায়ু মান আছিল “অত্যন্ত বেয়া”, ৩ দিন “ভয়ংকৰ”, ২ দিন “বেয়া” আৰু মাত্ৰ ২ দিন “মধ্যম”।
প্ৰতিবেদন অনুসৰি, দেশৰ শীৰ্ষ ১০ দূষিত চহৰৰ তালিকাত আছে নয়ডা, গুৰগ্ৰাম, গ্ৰেটাৰ নয়ডা, ধৰুহেরা, গেংটক, চিংৰৌলি, ভিওয়াড়ি আৰু নৰনৌল। তালিকাত উত্তৰপ্ৰদেশ আৰু হাৰিয়ানাৰ তিনিখন কৈ চহৰে স্থান লাভ কৰিছে।
বিশেষজ্ঞসকলৰ মতে, PM2.5 হৈছে অতি ক্ষুদ্ৰ আৰু বিপজ্জনক বায়ুদূষণ কণা।
AQI সূচক অনুসাৰে ৩০১–৪০০ মানে “অত্যন্ত খাৰাপ” আৰু ৪০১–৫০০ মানে “ভয়ংকৰ” বায়ু মান বুলি গণ্য কৰা হয়।






























