মহাকাশ পর্যটনত এইবাৰ একচেতিয়া দুৱাৰ খুলিছে মার্কিন ধনকুবেৰ এলন মাস্কৰ বাবে। কাৰণ তেওঁৰ নিকটতম প্রতিদ্বন্দ্বী আন এজন মার্কিন উদ্যোগপতি তথা আমাজনৰ গৰাকী জেফ বেজ’ছে সাময়িকভৱে পৰ্যটনৰ পৰা নিজৰ ব্যৱসায় বন্ধ কৰিছে।
কোম্পানীটোৱে সিদ্ধান্ত লৈছে যে আগন্তুক দুবছৰলৈ তেওঁলোকে মহাকাশ পৰ্যটনৰ বাবে খৰচ নকৰে, বৰঞ্চ সেই ধন নাছাৰ চন্দ্ৰ অভিযানত দিয়া হ’ব। ড’নাল্ড ট্রাম্প প্রশাসনে আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছালৈ চৰকাৰী অনুদান বন্ধ কৰি দিয়াৰ পাছত বেজ ‘ছৰ কোম্পানীয়ে এইদৰে সহায় কৰিবলৈ উদ্যোগী হৈছে।
প্রাপ্ত তথ্য অনুসৰি, বেজ’ছৰ কোম্পানী ব্লু অৰিজিনে প্ৰধানকৈ পুনর্ব্যৱহাৰযোগ্য মহাকাশ যান নিৰ্মাণ কৰিব। ইয়াৰ সহায়ত মহাকাশত পর্যটন অতি সহজ আৰু তুলনাত কম ব্যয়সাপেক্ষ হ’ব।
আচলতে মহাকাশ গৱেষণাৰ কাম ইমানেই আগবাঢ়ি গৈছে যে এই মুহূর্তত কেবল মহাকাশচাৰীয়েই নহয়, সাধাৰণ মানুহকো মহাশূন্যলৈ নি সেই অনুভূতি দিয়াৰ প্ৰয়াস কৰিছে বিভিন্ন বাণিজ্যিক সংস্থাই।
ইয়াৰ ভিতৰত উল্লেখনীয় হৈছে এলন মাস্কৰ স্পেচ এক্স আৰু জেফ বেজ ‘ছৰ ব্লু অৰিজিন। এই দুজনেই প্ৰধানকৈ মহাকাশৰ যুযুধান প্রতিদ্বন্দ্বী; কিন্তু এইবাৰ মাস্কে অকলেই মহাকাশ পর্যটনত ৰাজত্ব কৰাৰ সুযোগ পাইছে। কিয়নো বেজ’ছৰ কোম্পানীয়ে এতিয়া নিজৰ ধনৰে নাছাৰ অসমাপ্ত অভিযানক সহায় কৰিব।
প্রাপ্ত তথ্য অনুসৰি, ব্লু অৰিজিনে নিউ শ্বেফার্ড নামৰ এখন পুনর্ব্যৱহাৰযোগ্য মহাকাশ যান নিৰ্মাণ কৰিব। যিখন অন্ততঃ ৩৮ বাৰ ব্যৱহাৰ কৰিব পৰা যাব আৰু ৯৮জন লোকক লৈ মহাশূন্যত যাতায়াত কৰিব পাৰিব। এনে ৰকেট ইয়াৰ পূৰ্বে কোনেও নির্মাণ কৰা নাই।
কোম্পানীটোৰ একমাত্র লক্ষ্য হৈছে চন্দ্ৰৰ মাটিলৈ মহাকাশচাৰীসহ যান প্ৰেৰণ আৰু তাত দুশৰ অধিক বৈজ্ঞানিক পৰীক্ষা সম্পন্ন কৰা।
নিউ শ্বেফার্ডক লৈ নাছাৰ স’তে বেজ’ছৰ কোম্পানীৰ ৩৪০০ কোটি টকাৰ চুক্তি হৈছে। এই ৰকেট কামত লগোৱা হ’ব নাছাৰ ‘আর্টেমিছ ফাইভ’ অভিযানত। ২০৩০ৰ ভিতৰত এই অভিযানৰ লক্ষ্যমাত্রা নির্ধাৰণ কৰা হৈছে। নাছাৰ এই অভিযানটোৱেই মাজপথত স্থগিত হৈ পৰিছে ট্রাম্প প্ৰশাসনৰ কোপত পৰি। ব্লু অৰিজিন আৰু নাছাৰ যৌথ প্রকল্পত মহাকাশ পৰ্যটনৰ ব্যয় সম্পর্কে কিছু ধাৰণাও পোৱা গৈছে।
উল্লেখ্য যে নিউ শ্বেফার্ডত এবাৰতে ৯৮জন যাত্রী ধাৰণৰ ক্ষমতা আছে। মহাশূন্যলৈ এবাৰ গৈ উভতি অহালৈকে ব্যয় হ’ব প্রায় ১০ লাখ ডলাৰ।






























