India- Us Trade Deal:
আমেৰিকাৰ স’তে অন্তৱৰ্তী বাণিজ্য বুজাবুজিত উপনীত হৈছে ভাৰত। যৌথ বিবৃতি অনুসৰি, ভাৰতীয় সামগ্ৰীৰ ওপৰত আৰোপ কৰা অতিৰিক্ত ২৫% শুল্ক প্ৰত্যাহাৰ কৰিছে আমেৰিকাই। সামগ্ৰিক শুল্ক ২৫%ৰ পৰা কমাই ১৮% কৰা হৈছে।
এই চুক্তি অনুসৰি আগন্তুক পাঁচ বছৰত ভাৰত আমেৰিকাৰ পৰা প্ৰায় ৫০ হেজাৰ কোটি ডলাৰ (৪৫ লাখ কোটি টকাৰ অধিক) মূল্যৰ সামগ্ৰী আমদানি কৰিবলৈ সম্মত হৈছে।
কি কি সিদ্ধান্ত লোৱা হ’ল:
* বহু মার্কিন সামগ্ৰী আৰু খাদ্য-পণ্যত শুল্ক সম্পূৰ্ণ উঠাই লোৱা বা হ্ৰাস।
* শুকান খাদ্যশস্য, পশুখাদ্য, বাদাম, তাজা ফল, চয়াবিন তেল, ৱাইন আদি অন্তৰ্ভুক্ত।
* দুয়ো দেশৰ কোম্পানীক অগ্ৰাধিকাৰৰ ভিত্তিত বজাৰত প্ৰৱেশৰ সুবিধা।
* কৃষি আৰু চিকিৎসা সঁজুলি বাণিজ্যত অশুল্ক বাধা দূৰ কৰাৰ প্ৰতিশ্ৰুতি।
* আমেৰিকান চিকিৎসা সঁজুলিৰ বাবে ভাৰতৰ বজাৰ অধিক খোলা হব।
* আইচিটি সামগ্ৰীৰ আমদানিৰ লাইচেঞ্চিং বিলম্ব দূৰ কৰিব ভাৰত।
বৃহৎ আমদানিৰ তালিকা:
পাঁচ বছৰত ভাৰতক আমেৰিকাৰ পৰা কিনিব লাগিব —
খনিজ তেল, গেছ, কয়লা, বিমান আৰু যন্ত্ৰাংশ, দামী ধাতু, উন্নত প্ৰযুক্তি আৰু AI-ভিত্তিক ডেটা-চেণ্টাৰ সামগ্ৰী।
ভাৰতৰ লাভ কি ?
পোছাক, চামৰা সামগ্ৰী, জোতা, প্লাষ্টিক, ৰাবাৰ, জৈৱ ৰাসায়নিক আৰু নিৰ্দিষ্ট যন্ত্ৰপাতি ১৮% শুল্কত আমেৰিকালৈ ৰপ্তানি কৰিব পাৰিব ভাৰত।
কৃষক সুৰক্ষা:
ভাৰতীয় কৃষকৰ স্বাৰ্থ ৰক্ষাৰ আশ্বাস — চয়াবিন, গাখীৰ, মাংস, পোল্ট্ৰী আদি সংবেদনশীল ক্ষেত্ৰ সুৰক্ষিত থাকিব।
বিশেষজ্ঞসকলৰ মতে, এইটো এতিয়াও প্ৰাৰম্ভিক বুজাবুজি। পূৰ্ণাঙ্গ বাণিজ্য চুক্তি স্বাক্ষৰৰ আগলৈকে দুয়ো দেশৰ মাজত আলোচনা অব্যাহত থাকিব।
