Meghalaya Coal Mine Blast:মেঘালয়ৰ কয়লাখনিত মৃতকৰ সংখ্যা বৃদ্ধি ২৫জনলৈ

নিহতৰ ভিতৰত ৮ জন অসমৰ বুলি চিনাক্ত, অবৈধ খনিৰ দুই স্বত্বাধিকাৰ ফৰ্ম ছাইৰমাং, শ্বমেহী ৱাৰক গ্ৰেপ্তাৰ পূব জয়ন্তীয়া পাহাৰ জিলা আৰক্ষীৰ

WhatsApp Image 2026 02 07 at 1.31.04 PM

Meghalaya Coal Mine Blast:

চুবুৰীয়া মেঘালয়ত অবৈধ কয়লা খনি চলি থকা বুলি বিভিন্ন সময়ত উদ্থাপিত হৈ অহা অভিযোগৰ সত্যতা প্রমাণ কৰি এনে এটা অবৈধ কয়লা খনিত সংঘটিত এক শক্তিশালী বিস্ফোৰণৰ ফলত বৃহস্পতিবাৰে অৰ্ধ শতাধিক শ্রমিক হতাহত হয়। হতাহত শ্ৰমিকসকলৰ মাজত অসমৰে আছে আঠজন শ্ৰমিক। এই ভয়াৱহ ঘটনা সংঘটিত হৈছিল ৰাজ্যখনৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ ওমপ্লেং আৰক্ষী চকীৰ অন্তৰ্গত থাংস্কো অঞ্চলৰ মীনছীংগাস্থিত এটা অবৈধ কয়লা খনিত। খনিটোত সংঘটিত ভয়াৱহ বিস্ফোৰণত বাতৰি লিখা পৰলৈকে ২৫ জন শ্রমিকৰ মৃত্যু নিশ্চিত কৰা হৈছে। অৱশ্যে বিস্ফোৰণৰ ভয়াৱহতা লক্ষ্য কৰি ঘটনাটোত মৃতকৰ সংখ্যা আৰু বৃদ্ধিৰ আশংকা কৰা হৈছে।

আনহাতে নিহতৰ ভিতৰত ৮জন অসমৰ বুলি চিনাক্ত হয় ৷ কাছাৰৰ কাটিগড়াৰ ৬ শ্ৰমিকৰ মৃত্যু হোৱাৰ বিপৰীতে শ্রীভূমি, হাইলাকান্দিৰ এজনকৈ শ্ৰমিকৰ মৃত্যু ৷ শ্রীভূমিৰ বাজাৰিছড়াৰ আব্দুল মান্নানৰ মৃত্যু হয় বর্তমানো অব্যাহত আছে উদ্ধাৰ অভিযান ৷ এক বেচৰকাৰী সূত্ৰত জানিব পৰা মতে ইতিমধ্যে ৯০ জনৰো অধিক লোক নিহত হোৱাৰ আশংকা কৰা হৈছে  I ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে ২৫ টা মৃতদেহ। এডিআৰএফ আৰু এছডিআৰএফ ৰ উদ্ধাৰ অভিযান অব্যাহত আছে।

ইপিনে অবৈধ খনিৰ দুই স্বত্বাধিকাৰ ফৰ্ম ছাইৰমাং, শ্বমেহী ৱাৰক পূব জয়ন্তীয়া পাহাৰ জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাই ৩দিনৰ জিন্মাত লয় ।

Exit mobile version