বেঙ্গালুৰু আৰু মুম্বইৰ দৰে চহৰৰ দৃষ্টান্তেৰে গুৰগাঁও, কনট প্লেচ আৰু নয়ডাৰ জেওৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সংযোগ কৰা এক পাইলট কৰিডৰ আৰম্ভ হোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে। এই কৰিডৰ আৰম্ভ হ’লে এয়াৰ টেক্সি সেৱা আৰম্ভ কৰাৰ পথ মুকলি হ’ব।
বিশেষকৈ চিকিৎসালয়, মেট্ৰো ষ্টেচন আৰু শিল্পাঞ্চলৰ বাবে এই সেৱা অত্যন্ত উপকাৰী হ’ব বুলি ধাৰণা কৰা হৈছে।
চিআইআইৰ (Confederation of Indian Industry) শেহতীয়া প্ৰতিবেদন অনুসৰি, এই এয়াৰ টেক্সিসমূহ চিকিৎসালয় বা উচু বাণিজ্যিক ভৱনৰ ছাদৰ পৰা উড্ডয়ন আৰু অৱতৰণ কৰিব পাৰিব। প্ৰথম পৰ্যায়ত অংগ প্ৰতিস্থাপন আৰু অন্যান্য জৰুৰী চিকিৎসা সেৱা তৎপৰতাৰে আগবঢ়াবলৈ ইয়াৰ ব্যৱহাৰ আৰম্ভ হ’ব পাৰে।
এই এয়াৰ টেক্সিৰ বিশেষত্ব হৈছে—ইলেক্ট্ৰিক শক্তিচালিত এই যানসমূহে ভাৰ্টিকেল টেক-অফ আৰু লেণ্ডিং (eVTOL) কৰে। ইয়াৰ বাবে চহৰৰ ছাদত ‘ভাৰ্টিপ’ৰ্ট নামৰ বিশেষ পৰিকাঠামো গঢ়ি তোলা হ’ব, য’ত যাত্ৰী উঠা-নামা আৰু টেক্সি পাৰ্কিংৰ সুবিধা থাকিব।
ডিজিচিএয়ে বাণিজ্যিক বিমান পৰিবহণ নিয়ন্ত্ৰণ কৰাৰ দৰে, এই নতুন সেৱাৰ বাবেও নতুন নিয়ামক সংস্থা গঠন কৰাৰ পৰিকল্পনা চলি আছে।
দেশত এয়াৰ ম’বিলিটিৰ ক্ষেত্ৰত এই পদক্ষেপক এক নতুন যুগৰ আৰম্ভণি বুলি ধৰা হৈছে।






























