মধ্যপ্ৰদেশৰ গোৱালিয়ৰত নবগ্ৰহ মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত ভয়ংকৰ দুৰ্ঘটনা। পদপিষ্ট হৈ এজনৰ মৃত্যু হোৱা হোৱাৰ লগতে আহত হৈছে কেবাজনো ভক্ত।
ঘটনাস্থলীত তৎপৰতাৰে উপস্থিত হৈ উদ্ধাৰকাৰী দলে আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰিছে।
প্ৰাথমিক তথ্য অনুসৰি, মঙ্গলবাৰে পুৱা মন্দিৰ উদ্বোধন উপলক্ষে ‘কলচ যাত্ৰা’ আয়োজন কৰা হয়। অনুষ্ঠানত শতাধিক ভক্ত উপস্থিত থাকে। কিন্তু অত্যাধিক ভিৰৰ ফলত হঠাৎ বিশৃংখল পৰিস্থিতি সৃষ্টি হয়।
ইফালে ভিৰৰ মাজতে কেবাজনো ভক্ত মাটিত পৰি যায় আৰু তাৰ পাছতেই আতংকৰ সৃষ্টি হয়।
এই আতংকৰ মাজতেই ৭০ বছৰীয়া এগৰাকী বৃদ্ধা পদপিষ্ট হৈ মৃত্যুমুখত পৰে আৰু এই ঘটনাত অন্তত সাতজন আহত হয়।
আৰক্ষী আৰু উদ্ধাৰকাৰী দলে তৎক্ষণাৎ ঘটনাস্থলীত উপস্থিত হৈ সকলোকে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।






























