Guwahati:
লেখিকা সংস্থা অসমৰ বঁটাসমূহ অলপতে প্রদান কৰা হয়। এই উপলক্ষে দিছপুৰ লাষ্টগেটৰ শ্ৰীমন্ত শংকৰদেৱ নামঘৰ প্ৰেক্ষাগৃহত সংগ্রামী মাতৃ বঁটা, আদর্শ মাতৃ বঁটা, সুকন্যা মাতৃ বঁটা, নীলিমা বঁটা সোঁৱৰণী অনুবাদ সাহিত্য বঁটা, মণিকা বৰুৱা সোঁৱৰণী সাংবাদিক বঁটা আৰু সেতুবন্ধন বঁটা প্রদান কৰা হয়। সেই অনুসৰি, প্ৰণীতা বৰ্মনক সংগ্রামী মাতৃ বঁটা প্ৰদান কৰা হয়। সুকন্যা মাতৃ বঁটা প্ৰদান কৰা হয় নগাঁৱৰ অৰুণা বৰাক।
ইপিনে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ অধ্যাপিকা নীলিমা দত্তৰ সোঁৱৰণত প্ৰদান কৰি অহা অনুবাদ সাহিত্য বঁটা এইবাৰ ২০২৪ৰ বাবে প্ৰদান কৰা হয় যোৰহাটৰ অমৃত গোস্বামীক। একেদৰে ২০২৬ৰ বাবে এই বঁটা প্ৰদান কৰা হয় ডিমৌৰ কুঞ্জ দেৱী উপাধ্যায়ক। বিশিষ্ট সাংবাদিক মণিকা বৰুৱা সোঁৱৰণী সাংবাদিক বঁটা ২০২৪ৰ বাবে আগবঢ়োৱা হয় ‘দৈনিক অগ্রদূত’ৰ বাৰ্তা সম্পাদক চেমিম চুলতানা আহমেদক। আনহাতে, ২০২৬ৰ বাবে এই বঁটা প্ৰদান কৰা হয় ‘ডি ৱাই-৩৬৫’ৰ সাংবাদিক স্নিগ্ধাশিখা বৰদলৈক। অৱশ্যে বিশেষ অসুবিধাৰ বাবে চেমিম চুলতানা আহমেদ সিদিনাৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে।
ইয়াৰ পৰিপ্ৰেক্ষিতত সোমবাৰে সংস্থাৰ সভানেত্রী মামণি গগৈ বৰুৱাসহ এটা প্রতিনিধিৰ দলে ‘দৈনিক অগ্রদূত’ৰ কাৰ্যালয়ত উপস্থিত হৈ সাংবাদিকগৰাকীক এই বঁটা প্ৰদান কৰে। ২০২৫ৰ বাবে গীতা উপাধ্যায় সেতুবন্ধন বঁটা প্রদান কৰা হয় গুৱাহাটীৰ চম্পা উপাধ্যায়ক। নেপালী আৰু অসমীয়া ভাষাত সাহিত্য চর্চা কৰি সমন্বয়ৰ সেতু গঢ়া কৰ্মত জড়িত হোৱাৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়। বঁটা প্রদান অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট নিৱন্ধকাৰ ড° দয়ানন্দ পাঠকে লেখিকা সংস্থা অসমৰ কাৰ্যসূচীৰ ভূয়সী প্রশংসা কৰে। তেওঁ নাৰী শক্তি এক মহান শক্তি বুলিও মন্তব্য কৰে। হৰপ্রিয়া বাৰুকিয়াল বৰগোহাঞিয়ে বঁটাসমূহৰ আঁৰৰ কাহিনী সভাত দাঙি ধৰে।
পাঞ্জাবাৰী শাখা লেখিকা সংস্থাৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা এই বঁটা প্রদান অনুষ্ঠানত বস্তি প্রজ্বলন কৰে কাৰ্যকৰী সভাপতি বৰোদা শইকীয়া, কুসুম গগৈ আৰু হেমপ্রভা তাছাই। সভাৰ আঁত ধৰে প্ৰধান সম্পাদক উদয়ন্তী হাজৰিকা দত্তই। শলাগ জ্ঞাপন কৰে সহকাৰী সম্পাদক অঞ্জনা গগৈয়ে। এই সভাত শিল্পী সমৰ হাজৰিকা, ৰাজনীতিবিদ অজিত পাৱাৰ আৰু জ্ঞাত-অজ্ঞাত পৰলোকগামীসকলৰ আত্মাৰ চিৰশান্তিৰ বাবে মৌন প্রার্থনা জনোৱা হয়।
