Zubeen khetra:এজন উবেৰ চালকৰ এটা ভিডিঅ’ৰ পাছতে নতুন ৰূপত জুবিনক্ষেত্ৰ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে সোমবাৰে প্ৰশাসনে জুবিন ক্ষেত্ৰৰ সন্মুখৰ দোকানসমূহ আঁতৰাই দি চৌদিশ চাফ চিকুণ কৰে, পুৱাই জুবিনক্ষেত্ৰত উপস্থিত গৰিমা শইকীয়া গাৰ্গ

WhatsApp Image 2026 02 10 at 12.34.58 PM

Zubeen khetra:

বুলবুল হুচেইন নামৰ উবেৰ চালক এজনে চ’ছিয়েল মেডিয়া যোগে এজন বহি:ৰাজ্যৰ দৰ্শনাৰ্থীয়ে জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ কালত ধূলিময় আৰু অপৰিস্কাৰ হৈ পৰা জুবিনক্ষেত্ৰৰ বিষয়ে কৰা মন্তব্যৰ আঁত ধৰি দিয়া চাক্ষুষ বণৰ্না সদৰি কৰাৰ পিছতে থৰকাচুটি কামৰূপ প্ৰশাসনৰ ৷ আনকি উবেৰ চালকজনৰ ভিডিঅ’ৰ পিছতে বিশেষ টুইট কৰে জুবিন পত্নী গৰিমা গাৰ্গ আৰু ভগ্নী ড:পামি বৰঠাকুৰে ৷

তাৰ পিছতে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাই কামৰূপ মহানগৰ জিলা আয়ুক্তক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ জুবিনক্ষেত্ৰ চৌহদত থকা দোকান- পোহাৰ আঁতৰাই দি চৌদিশ চাফচিকুন কৰি দেৱাল নিৰ্মাণৰ নিৰ্দেশ দিয়ে।

আনহাতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে পৰিচ্ছন্নতাক লৈ তৎপৰ হৈ পৰে কামৰূপ মহানগৰ প্ৰশাসন ৷ সোমবাৰে প্ৰশাসনে জুবিনক্ষেত্ৰৰ সন্মুখৰ দোকানসমূহ আঁতৰাই দি চৌদিশ চাফ চিকুণ কৰে ৷

ইপিনে,জুবিনক্ষেত্র চাফ-চিকুণ কৰি ৰাখিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পাছতে মঙলবাৰে পুৱাই প্রিয় গ’ল্ডীৰ ওচৰলৈ গ’ল গৰিমা শইকীয়া গার্গ। সোণাপুৰৰ শেষ শয়নস্থলীত চাকি-বন্তি জ্বলাই অশ্রুসিক্ত নয়নেৰে সুঁৱৰিলে স্বামী গ’ল্ডীক ৷ গৰিমা শইকীয়া গাৰ্গৰ সংগ দিয়ে জুবিন ফেন ক্লাৱৰ সদস্যসকলে ৷ জুবিনক্ষেত্ৰ পৰিদৰ্শন কৰি সকলোকে এই বিশেষ ঠাইখিনি পৰিস্কাৰ কৰি ৰখাৰ আহ্বান জনালে জুবিন পত্নীয়ে ।

Exit mobile version