SIR:✒️বিশেষ পুনৰীক্ষণ (এছআৰ) ব্যৱস্থাত অসমত ভোটাৰ তালিকাৰ পৰা কৰ্তন হ’ল ১৩ লাখ ভোটাৰৰ নাম। দেশৰ নির্বাচন আয়োগ তথা অসম মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ে মঙলবাৰে ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰে।
এই তালিকা অনুসৰি, ৰাজ্যত থকা মুঠ ভোটাৰৰ সংখ্যা হ’ল ২,৪৯,৫৮,১৩৯ গৰাকী। ইয়াৰে ১,২৪,৮২,২১৩ জন পুৰুষ, ১,২৪,৭৫,৫৮৩ গৰাকী মহিলা আৰু ৩৪৩ গৰাকী তৃতীয় লিংগৰ ভোটাৰ। মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ে প্রকাশ কৰা তথ্য অনুসৰি, যোৱা ২৭ ডিচেম্বৰত যি খচৰা ভোটাৰ তালিকা প্রকাশ কৰা হৈছিল, তাৰ পৰা ২,৪৩,৪৮৫ গৰাকী ভোটাৰৰ নাম কর্তন কৰা হয়।
আনহাতে, খচৰা ভোটাৰ তালিকাত ২০২৫ৰ চূড়ান্ত ভোটাৰ তালিকাৰ পৰা কৰ্তন হৈছিল ১০,৫৬,২৯১ গৰাকী ভোটাৰৰ নাম। গতিকে খচৰা ভোটাৰ তালিকা আৰু খচৰাৰ পৰা নাম কর্তন হোৱা ভোটাৰৰ সংখ্যাসহ ২০২৫ৰ চূড়ান্ত ভোটাৰ তালিকাৰ পৰা এইবাৰ কৰ্তন হোৱা ভোটাৰৰ সংখ্য হ’ল ১২,৯৯,৭৭৬ গৰাকী। এনেদৰে প্ৰায় ১৩ লাখ ভোটাৰৰ নাম ২০২৫ৰ চূড়ান্ত ভোটাৰ তালিকাৰ পৰা বিশেষ পুনৰীক্ষণৰ ব্যৱস্থাৰে কৰ্তন কৰা হয়।
খচৰা ভোটাৰ তালিকাত ১০.৫৬ লাখ ভোটাৰৰ নাম কৰ্তনৰ সন্দৰ্ভত নির্বাচন আয়োগে দর্শোৱা কাৰণকেইটা হ’ল-ভোটাৰৰ মৃত্যু, ঠিকনা সলনি আৰু একাধিক স্থানত ভোটাৰ হিচাপে নাম অন্তর্ভুক্ত হৈ থকা। ইয়াৰ বিপৰীতে খচৰা ভোটাৰ তালিকাৰ পৰা যি ২.৪৩ লাখ ভোটাৰৰ নাম কৰ্তন হয়, তাৰ কাৰণ এতিয়ালৈকে ৰাজহুৱা কৰা হোৱা নাই।
অৱশ্যে মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ৰ সূত্রই সদৰী কৰা অনুসৰি, খচৰা ভোটাৰ তালিকাৰ ওপৰত দাখিল হোৱা দাবী আৰু অভিযোগৰ ভিত্তিতে এই বৃহৎ সংখ্যক নাম কর্তন হয়। প্রসংগক্রমে উল্লেখ্য যে বাজ্যত দাবী আৰু অভিযোগ দাখিল প্রক্রিয়াত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়। এক বৃহৎ সংখ্যক লোকৰ নাম খচৰা তালিকাৰ পৰা কৰ্তন কৰিবলৈ ব্যাপক হাৰত উদ্দেশ্যপ্রণোদিত অভিযোগ দাখিল হয়। ইয়াকে লৈ ৰাজ্যৰ কে’বাখনো জিলাত অভাৱনীয় পৰিৱেশ সৃষ্টি হয়।
হেজাৰ হেজাৰ লোকে জাননী লাভ কৰি শুনানিত উপস্থিত হ’বলৈ বাধ্য হয়; কিন্তু শুনানিৰ সময়ত বহু স্থানত অভিযোগকাৰী হাজিৰ নহ’ল। অথচ অভিযোগকাৰী আৰু অভিযুক্ত কৰা দুয়োপক্ষই শুনানিত উপস্থিত থাকিব লাগে। আনকি দুষ্কৃতিকাৰীয়ে আনৰ ফোন নম্বৰ ব্যৱহাৰ কৰিও একাংশ লোকৰ নাম কৰ্তন কৰিবলৈ সক্ষম হয়।
এইবোৰৰ মাজতে আকৌ বকো সমজিলাৰ নিৰ্বাচনী কার্যালয়ত নিশা বিজেপিৰ নেতা-কর্মীয়ে নিজেই খচৰা তালিকাৰ পৰা নাম কৰ্তনত জড়িত হৈ পৰাৰ অভিযোগ উত্থাপিত হয়। এনেবোৰ বিতকৰ মাজেৰেই আজি বিশেষ পুনৰীক্ষণৰ সংশোধনী চূড়ান্ত ভোটাৰ তালিকা প্রকাশিত হয়। এই ভোটাৰ তালিকাৰ ভিত্তিতে আগন্তুক বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব।
উল্লেখ্য যে এখন শুদ্ধ ভোটাৰ তালিকা প্রকাশৰ লক্ষ্যৰে নির্বাচন আয়োগে অসমত এইবাৰ বিশেষ পুনৰীক্ষণ তথা বিশেষ সংশোধনীৰ ব্যৱস্থা গ্রহণ কৰে। ইয়াৰ বাবে যোৱা ২২ নৱেম্বৰৰ পৰা ২০ ডিচেম্বৰলৈ বিএলঅ’বে ভোটাৰৰ ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰি আনে। তাৰ ভিত্তিতে যোৱা ২৭ ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্রকাশ কৰা হয়।
সেইদিনাৰ পৰাই ২২ জানুৱাৰীলৈকে দাবী আৰু আপত্তি গ্রহণ কৰা হয়। এই দাবী আৰু আপত্তি দাখিলৰ সময়ছোৱাতেই ন্যস্ত স্বার্থজড়িত মহলে হকে-বিহকে বহু লোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। অৱশেষত সেই সকলো প্রক্রিয়া অতিক্ৰম কৰি আজি চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হয়। অসমৰ মুখ্য নির্বাচনী বিষয়াৰ তথ্য অনুসৰি, খচৰা ভোটাৰ তালিকাৰ পৰা ০.৯৭ শতাংশ নাম চূড়ান্ত ভোটাৰ তালিকাত হ্রাস হয়।
আনহাতে, ২০২৫ৰ চূড়ান্ত ভোটাৰ তালিকাৰ পৰা এইবাৰৰ খচৰা ভোটাৰ তালিকাত নাম কৰ্তনৰ হাৰ আছিল ১.৩৫ শতাংশ। ইপিনে, চূড়ান্ত ভোটাৰ তালিকাৰ ওপৰত অসন্তুষ্টি থাকিলে ৰাইজে ১৫ দিনৰ ভিতৰত জিলা দণ্ডাধীশৰ ওচৰত আবেদন কৰিব পাৰিব। তাৰ ওপৰঞ্চি প্রয়োজন হ’লে ৩০ দিনৰ ভিতৰত ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াৰ ওচৰতো দ্বিতীয় আবেদন দাখিল কৰিব পাৰিব।






























