উত্তৰ প্ৰদেশত ‘এনকাউণ্টাৰ’। বুধবাৰে গভীৰ নিশা কুখ্যাত অপৰাধী আমজাদক গ্ৰেপ্তাৰ কৰিবলৈ যোৱাৰ সময়তে আৰক্ষী আৰু আমজাদকৰ মাজত বন্দুকৰ যুঁজৰ সৃষ্টি হয়। সেই এনকাউণ্টাৰত আমজাদৰ মৃত্যু হয়।।
আৰক্ষীৰ তথ্য অনুসৰি, ‘ম’ষ্ট ৱাণ্টেড’ তালিকাত থকা আমজাদক গ্ৰেপ্তাৰ কৰিবলৈ বিশেষ অভিযান চলাইছিল আৰক্ষীয়ে।
গোপন সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত মুজাফ্ফৰনগৰৰ বুঢানা অঞ্চলৰ বিজ্ঞান ৰোডৰ ওচৰত আমজাদ থকাৰ খবৰ পোৱাৰ পাছতে আৰক্ষীৰ বিশেষ দল ঘটনাস্থলীত উপস্থিত হয়।
অভিযোগ অনুসৰি, আৰক্ষীক লক্ষ্য কৰি আমজাদে কাৰ্বাইন বন্দুকৰে গুলিচালনা কৰি ওচৰৰ জঙ্ঘলত লুকাই পৰে। আৰক্ষীয়ে আত্মসমৰ্পণৰ আহ্বান জনালেও তেওঁ গুলিচালনা অব্যাহত ৰাখে, যাৰ ফলত দুয়োপক্ষৰ মাজত তীব্ৰ গুলিযুদ্ধ আৰম্ভ হয়।
কেবাৰাউণ্ড গুলিচালনাৰ অন্তত আমজাদৰ গুলিবিদ্ধ মৃতদেহ উদ্ধাৰ কৰা হয়। এই সংঘৰ্ষত এজন ছাব-ইন্সপেক্টৰ আৰু এজন কনষ্টেবল আহত হৈছে।
আৰক্ষীয়ে জনোৱা অনুসৰি, আমজাদৰ বিৰুদ্ধে হত্যা, অপহৰণৰ দৰে গম্ভীৰ অভিযোগসহ উত্তৰপ্ৰদেশ, দিল্লী, ৰাজস্থান আৰু উত্তৰাখণ্ডত প্ৰায় ৪০টা গোচৰ ৰুজু আছিল।
তেওঁৰ পৰা এটা ৯এমএম কাৰ্বাইন, পিষ্টল আৰু বহু কাৰ্তুজ জব্দ কৰা হৈছে। আৰক্ষীৰ দাবী অনুসৰি, তেওঁ আন্তঃৰাষ্ট্ৰীয় অপৰাধ চক্ৰৰ স’তে জড়িত আছিল।






























