আপোনাৰো বাৰাণ্ডাৰ বাগিচাত পোক-পৰুৱাৰ উপদ্ৰৱ হৈছে নেকি?

তেন্তে কৰক এই উপায়

IMG 20260213 145358

বহু মহিলাই নিজৰ ঘৰৰ বাৰাণ্ডা নাইবা ছাদত সৰুকৈ হ’লেও ফুল ৰুই ভাল পায়। ৰং বিৰঙৰ ফুল, সেউজীয়া পাতাবাহাৰ গছে ঘৰৰ সৌন্দৰ্য বঢ়োৱাৰ লগতে মনটোও সতেজ কৰি তোলে। কিন্তু যত্নেৰে সাজি লোৱা এই সেউজীয়া ঠাইত যেতিয়া সৰু সৰু পোক-পৰুৱা, মকৰা আদিৰ উপদ্ৰৱ বেছিকৈ হ’বলৈ ধৰে তেতিয়া বহু সময়ত চিন্তাৰ কাৰণ হৈ পৰে।

টাবৰ মাটি, পাতৰ গোন্ধ, ফুলৰ ৰস আৰু টাবৰ তলত জমা হোৱা পানীয়ে এই পোক-পৰুৱাক আকর্ষণ কৰে। বহুতে এই সমস্যাৰ পৰা মুক্তি পাবলৈ ৰাসায়নিক স্প্রে’ ব্যৱহাৰ কৰে। কিন্তু এইবোৰ দ্রব্য গছৰ লগতে ঘৰখনৰ শিশুৰ বা পোহনীয়া জন্তুৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। সেয়ে বহু গৃহিণী আৰু বাগানপ্রেমী মহিলাই আজিকালি ঘৰুৱা, প্রাকৃতিক উপায়েৰে এইবোৰ ঠিক কৰিব বিচাৰে।

ভিনেগাৰৰ পৰা কৰিব পাৰে এটা সহজ উপায়। ঘৰত থকা ভিনেগাৰে পোক-পৰুৱা আঁতৰ কৰাত সহায় কৰে। ভিনেগাৰৰ তীব্ৰ গোন্ধ পোকে সহ্য কৰিব নোৱাৰে। সেয়ে য’ত এই গোন্ধ থাকে, তাত পোক-পৰুৱা ঘূৰি নাথাকে।

স্প্রে’ কেনেকৈ বনাব? সমান পৰিমাণে ভিনেগাৰ আৰু পানী মিহলাই এটা স্প্রে’ বটলত ভৰাওক। এই মিশ্রণটো বেছি ডাঠ কৰিব নালাগে। গছৰ পাত বা মাটিত স্প্রে’ নকৰিব। টাবৰ বাহিৰৰ অংশ, টাবৰ তলৰ ঠাই, বাৰাণ্ডাৰ কোণ, বেলিঙৰ ফাঁক, মকৰাৰ জাল দেখা পোৱা ঠাইত এই স্প্রে’ ব্যৱহাৰ কৰিব পাৰে।

পৰুৱাই সাধাৰণতে এটা নির্দিষ্ট পথ অনুসৰণ কৰি চলে কৰে। সেই পথত ভিনেগাৰ স্প্রে’ কৰিলে সিহঁতৰ চলাচলৰ পথ ভাঙি যায়। একেদৰে মকৰাৰ জাল য’ত বনোৱা থাকে, সেই ঠাইত ভিনেগাৰৰ গোন্ধ থাকিলে সিহঁতে তাত থাকি ভাল নাপায়।

কিন্তু কিছুমান সাৱধানতা অৱলম্বন কৰিব। ভিনেগাৰ গছৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। পাতত বা কেঁচা ডালত পৰিলে পাত হালধীয়া বৰণৰ হৈ যাব বা গছজোপা মৰি যোৱাও সম্ভাবনা থাকে। এইটো স্থায়ী সমাধান নহয়। ৰ’দ-বতাহ, বৰষুণত ভিনেগাৰৰ গোন্ধ সোনকালে উৰি যায়। সেয়ে কেইদিনৰ মূৰত পুনৰ স্প্রে’ কৰিব লাগিব পাৰে।

কেৱল স্প্রে’ ব্যৱহাৰ কৰিলেই নহ’ব। টাবৰ তলত পানী জমা হ’বলৈ নিদিব। শুকান পাত, পচা ফুল নিয়মিত আঁতৰাওক। পানী দিয়াৰ পাছত টাবৰ পৰা অতিৰিক্ত পানী ওলাই গৈছে নে নাই সেয়া লক্ষ্য কৰক। বাগিচাখন পৰিষ্কাৰ আৰু শুকান থাকিলে পোক, মকৰাৰ ঘৰ বনাবলৈ সুবিধা নাপাব।

সৰু সৰু যত্ন আৰু ঘৰুৱা উপায় ব্যৱহাৰ কৰি বাৰাণ্ডাৰ বাগিচাখন সুন্দৰ, সেউজীয়া আৰু স্বাস্থ্যকৰ কৰি ৰাখিব পাৰি। গছৰ যত্নৰ লগতে নিজৰ পৰিয়ালৰ স্বাস্থ্যৰ কথাও চিন্তা কৰাটো আজিৰ দিনত অতি প্রয়োজনীয়।

Exit mobile version