নতুন গৃহ নির্মাণ প্রযুক্তিৰে আকৌ এবাৰ বিশেষ চর্চা লাভ কৰিছে ডুবায়ে। বিশ্বৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এক বিলাসী বাসগৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছে ডুবাইত। ৰব’টিক ৩ ডি প্রিন্টিং প্রযুক্তিৰে তৈয়াৰ কৰা হ’ব এই অত্যাধুনিক বাসগৃহ।
মিডিল ইষ্ট কম্প’জিটছ নামৰ সংস্থাটোরে বিশ্বত প্রথমবাৰৰ বাবে ৩ ডি প্রিন্টিং প্রযুক্তিৰে গৃহ নিৰ্মাণৰ এই পৰিকল্পনা প্রস্তুত কৰিছে। পৰম্পৰাগত নির্মাণ প্রযুক্তিৰ পৰিৱৰ্তে এই গৃহ নিৰ্মাণৰ প্ৰযুক্তি পৃথক হ’ব।
কিয়নো গৃহ নির্মাণত শ্রমিকৰ পৰিৱৰ্তে ডুবাইৰ নিৰ্মাণ সংস্থাটোৱে ব্যৱহাৰ কৰিব ডিজিটেল মেচিন। ৩ ডি প্রিন্টিং স্ট্রেটেজি ২০৩০ আঁচনিৰ অধীনত ডুবাইত ৩ ডি প্রিন্টিং প্রযুক্তিৰে এই গৃহ নির্মাণ সম্পন্ন কৰা হ’ব।
নতুন প্রযুক্তিৰ ব্যৱহাৰৰ কাৰণত গৃহ নিৰ্মাণৰ বাবে ৮০ শতাংশ সময় হ্রাস পাব। অর্থাৎ ছমাহত নিৰ্মাণ কৰা কাম নতুন প্রযুক্তিৰ জৰিয়তে মাত্র দুসপ্তাহতে সম্পন্ন কৰিব পাৰিব। এই গৃহ নিৰ্মাণৰ কাউছ নামৰ ৩ এক্সিছ ৰব’টিক আৰ্মৰ ব্যৱহাৰ কৰা হৈছে।
ৰব’টে কম্পিউটাৰৰ পৰা লাভ কৰা ডেটাৰ আধাৰত প্রত্যক্ষভাৱে কংক্রিটৰ তৰপ স্থাপন কৰি দেৱাল নির্মাণ কৰিব পাৰে। এই মেচিনে ৩৬০ ডিগ্রীলৈকে ঘূৰি-মেলি কাম কৰিব পাৰে। সবাতোকৈ গুৰুত্বপূর্ণ কথাটো হ’ল গৃহ নির্মাণত নিয়োজিত ৰব’টে ২৪ ঘণ্টাত একেৰাহে কাম কৰিব পাৰিব আৰু সেয়েহে নির্মাণ প্রক্রিয়া ব্যাহত নহ’ব।
এইদৰে অতি কম সময়ৰ ভিতৰত ৩ ডি প্রিন্টিং প্রযুক্তিৰে গৃহ নির্মাণ সহজ হ’ব বুলি ডুবাইৰ সংস্থাটোৱে দাবী কৰিছে।






























