নৱেম্বৰত বিস্ফোৰণে কঁপাইছিল ৰাজধানী দিল্লি। লালকিল্লাৰ সন্মুখত সংঘটিত সেই বিস্ফোৰণৰ আতংক এতিয়াও ম্লান যোৱাই নাই। তাৰ মাজতেই দিল্লীত পুনৰ পোহৰলৈ আহিছে বোমা আতংক সৃষ্টিৰ ঘটনা ।
শুকুৰবাৰে পুৱা ৰাজধানীৰ কেবাখনো বিদ্যালয়ত বোমা ৰখা হৈছে বুলি খবৰ পোহৰলৈ অহাত চাঞ্চল্য সৃষ্টি হয়। উল্লেখযোগ্য যে সোমবাৰেও একেধৰণে বহু বিদ্যালয়লৈ হুমকিমূলক ইমেইল পঠোৱা হৈছিল। ইমেইলত আফজল গুৰুৰ স্মৃতিত দিল্লীক খালিস্তান বনোৱাৰ হুমকি দিয়া হৈছিল।
বিগত সোমবাৰে ১৩খন বিদ্যালয় উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছিল। ইমেইলত লিখা আছিল, “দুপৰীয়া এক বাজি ১১ মিনিটত বিস্ফোৰণ হ’ব।” যদিও সেই ভাবুকিৰ পাছত ভুৱা বুলি প্ৰমাণিত হয়। কিন্তু সপ্তাহৰ শেষৰ দিনা পুনৰ তিনিখন বিদ্যালয়ত বোমা আতংক বিয়পি পৰে। প্ৰথমে বিটি তামিল স্কুলত বোমা থকা সন্দেহ প্ৰকাশ পায় আৰু অভিভাৱকসকলক সতৰ্ক কৰা হয়।
তাৰ পাছত আন দুখন বিদ্যালয়তো একে ধৰণৰ খবৰ পোৱাৰ লগে লগে দমকল আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। শিক্ষাৰ্থীসকলক তৎকালীনভাৱে বাহিৰ কৰা হৈছে আৰু সংশ্লিষ্ট অঞ্চলসমূহত জাৰি কৰা হৈছে হাই এলাৰ্ট। কিন্তু ভাবুকিসমূহৰ ইমেইলৰ উৎস এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই।
উল্লেখযোগ্য যে ১০ নৱেম্বৰত লালকিল্লাৰ সন্মুখত ভয়ংকৰ বিস্ফোৰণ হৈছিল। তাৰ পাছৰে পৰা ২৯ জানুৱাৰীত পাঁচখন বিদ্যালয়, দ্বাৰকা আদালত চৌহদ আৰু সংসদ ভবন উৰুৱাই দিয়াৰ হুমকিও আহিছিল। একেৰাহে বোমা হুমকিৰ ঘটনাই ৰাজধানীত আতংকৰ বাতাবৰণ তীব্ৰ কৰি তুলিছে।






























