বিহাৰৰ মুঙ্গেৰত ‘ৰ’জ ডে’ উদ্যাপনক লৈ পোহৰলৈ আহিছে এক আশ্চৰ্যজনক ঘটনা । স্বামীক চমক দিবলৈ উপহাৰ লৈ উদ্যাপন কৰা এগৰাকী মহিলাৰ বিৰুদ্ধে আৰক্ষীয়ে দাখিল কৰিছে এফআইআৰ। এই ঘটনাই এতিয়া বহু লোকৰ মাজত প্ৰশ্ন উত্থাপন কৰিছে।
নীতীশ কুমাৰৰ ৰাজ্যত নিষিদ্ধ নেকি ‘ৰ’জ ডে’ ? উত্তৰ—নহয়। সমস্যা আন ঠাইত হে।
মহিলাগৰাকী হৈছে কাঞ্চন দেৱী। সামাজিক মাধ্যমত প্ৰকাশ হোৱা ছবিত তেওঁ স্বামীক গোলাপ ফুলৰ গুচ্ছ উপহাৰ দি থকা দেখা যায়। তাৰ পাছত তেওঁ স্বামীক আন এটা উপহাৰো আগবঢ়ায়— যিটো আছিল মদৰ বটল। কিন্তু বিহাৰত মদ সম্পূৰ্ণ নিষিদ্ধ হোৱাৰ বাবে এই ছবিয়ে সমস্যাৰ সৃষ্টি কৰে।
ইয়াতেই শেষ নহয়। আন এখন ছবিত কাঞ্চন দেৱীক পিষ্টল লক্ষ্য কৰি ফটো তুলা অৱস্থাতো দেখা যায়। এই ছবিসমূহ আৰক্ষীৰ হাতত পৰাৰ পাছতেই তদন্ত আৰম্ভ হয়।
মুঙ্গেৰ আৰক্ষী অধীক্ষক ছৈয়দ ইমৰান মাসুদে জনায় যে, ঘটনাটোৰ তদন্তৰ বাবে বিশেষ দল গঠন কৰা হৈছে আৰু মহিলাৰ ঘৰতো তালাচী চলোৱা হৈছে। তথ্য অনুসৰি, পিষ্টলটো দীন্দয়াল চক বাসিন্দা বিশাল কুমাৰৰ নামত লাইচেন্সযুক্ত আছিল। যদিও আনৰ হাতত অস্ত্ৰ দিয়া আৰু সেইটো লৈ সামাজিক মাধ্যমত ছবি প্ৰকাশ কৰা আইনবিৰোধী।
এই ঘটনাত কাঞ্চন দেৱী আৰু অস্ত্ৰৰ মালিক দুয়োৰে বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে আৰু তদন্ত অব্যাহত আছে।






























