তাইৱানক লৈ চিন–জাপান টানাপড়েনৰ মাজতেই এইবাৰ পেশী প্রদৰ্শন কৰিলে জাপানে। জাপানৰ উপকূলৰক্ষীয়ে নিজৰ জলসীমাত প্ৰৱেশ কৰা এখন চিনা মাছ ধৰা জাহাজ আটক কৰিছে। চিনৰ দাবী অনুসৰি জাহাজখনত কেপ্টেনসহ ১০ জন অসামৰিক নাগৰিক আছিল।
ট’কিঅ’ৰ তথ্য মতে, দক্ষিণ-পশ্চিমৰ নাগাচাকি প্ৰিফেকচাৰৰ বিশেষ অৰ্থনৈতিক অঞ্চলত জাপানৰ জলসীমা ভঙি সোমাইছিল জাহাজখন। উপকূলৰক্ষীয়ে থমকিবলৈ নিৰ্দেশ দিয়াৰ পাছতো জাহাজখনে পলাই যাবলৈ চেষ্টা কৰাত সকলোকে আটক কৰা হয়।
অৱশ্যে জাপানে জাহাজখনত থকা নাগৰিকসকল অসামৰিক বুলি স্বীকাৰ কৰিছে। ২০২২ চনৰ পাছত এইটো প্ৰথমবাৰ জাপানে কোনো চিনা জলযান আটক কৰিলে।
দক্ষিণ চিন সাগৰক লৈ ফিলিপিন্সৰ স’তে চিনৰ বহুদিনীয়া বিবাদ চলি আছে। অঞ্চলটোত চিনৰ প্ৰভাৱ ৰোধ আৰু তাইৱানৰ সুৰক্ষাৰ বাবে ২০২৪ চনত আমেৰিকাৰ নেতৃত্বত “স্কোৱাড” নামৰ সামৰিক জোট গঠন কৰা হৈছিল, যাৰ সদস্য জাপান।
শেহতীয়াকৈ জাপানৰ পক্ষৰ কঠোৰ বক্তব্যৰ পাছতে উত্তেজনা বাঢ়ি উঠে আৰু চিনে ‘ধ্বংসাত্মক সামৰিক পদক্ষেপ’ৰ হুমকিও দিয়ে।
ইতিমধ্যে এই ঘটনাক কেন্দ্ৰ কৰি ট’কিঅ’ আৰু বেইজিঙৰ মাজত কূটনৈতিক উত্তেজনা পুনৰ তীব্ৰ হৈছে।






























