পহলগাম সন্ত্রাসৰ প্ৰত্যুত্তৰ সাত মে’ৰ ‘অপাৰেছন সিন্দূৰ’ত সফল অভিযানৰ পিছতেই ভাৰতে দূৰপাল্লাৰ আক্রমণ ক্ষমতা অধিক শক্তিশালী কৰিবলৈ ফ্ৰান্সৰ পৰা পুনৰ ১৫০টা SCALP ক্রুজ ক্ষেপণাস্ত্ৰ ক্ৰয়ৰ সিদ্ধান্ত লৈছে।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংহৰ নেতৃত্বত অনুষ্ঠিত ডিফেন্স একুইজিছন কাউন্সিলৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই ক্ৰয়ত প্ৰায় ৩২০০ কোটি টকা ব্যয় হ’ব।SCALP ক্ষেপণাস্ত্ৰ ইউৰোপত “Storm Shadow” নামে পৰিচিত।
ই এটা দূৰপাল্লাৰ এয়াৰ-টু-ছাৰ্ফেছ ক্রুজ ক্ষেপণাস্ত্ৰ, যি যুদ্ধবিমানেৰে উৎক্ষেপণ কৰি মাটিৰ লক্ষ্যবস্তুত নিখুঁত আঘাত হানিব পাৰে। প্ৰায় ৫০০ কিলোমিটাৰ পাল্লাৰ এই অস্ত্ৰত উন্নত টাৰ্বোজেট ইঞ্জিন আৰু তিনিটা অত্যাধুনিক নেভিগেচন ব্যৱস্থা সংযুক্ত।
এই ক্ষেপণাস্ত্ৰৰ বিশেষত্বসমূহ—
ৰাডাৰৰ নজৰ এৰাই নিঃশব্দে লক্ষ্যবস্তুত সঠিক আঘাত হানিবলৈ সক্ষম।
দিন-ৰাতি আৰু যিকোনো বতৰত ব্যৱহাৰযোগ্য
শক্ত বাংকাৰো ভেদ কৰিব পৰা ক্ষমতা
লক্ষ্যৰ ওচৰ পাই ইমেজিং ইনফ্ৰাৰেড চিকাৰৰ সহায়ত নিজে লক্ষ্য চিনাক্ত কৰে
উল্লেখযোগ্য যে, ইউক্ৰেইনৰ সেনাই প্ৰথমে ৰাশিয়াৰ ভিতৰত আক্ৰমণত এই অস্ত্ৰ ব্যৱহাৰ কৰিছিল। তাৰ পাছত ‘অপাৰছেন সিন্দূৰ’ত পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাঁটি ধ্বংস কৰাতো এই ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰা হৈছিল।
ডিএচিৰ মতে, এই নতুন ক্ৰয়ৰ ফলত ভাৰতীয় বায়ুসেনাৰ দূৰপাল্লাৰ নিখুঁত আক্রমণ ক্ষমতা উল্লেখযোগ্যভাৱে বৃদ্ধি পাব।






























