যোৱা নিশা চিৰাং আৰক্ষীয়ে সফল অভিযান চলাই অস্ত্ৰসহ এজন চোৰাং চিকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ তৎপৰতা বৃদ্ধি পোৱাৰ গোপন তথ্য লাভ কৰি ১৩–১৪ ফেব্ৰুৱাৰী নিশা বিশেষ অভিযান চলোৱা হয়।
আমগুৰি থানাৰ অন্তৰ্গত মালিভিটা ফৰেষ্ট বিটত, ৰুনিখাতা থানাৰ অ’চিৰ নেতৃত্বত অভিযান চলাই এই সফলতা লাভ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ চোৰাং চিকাৰীজন হৈছে ভুটান সীমান্তৰ জালুকবাৰী মালিভিটাৰ ৰাকেব নাৰ্জাৰী (২৫)।
আৰক্ষীয়ে তেওঁৰ পৰা দুটা হস্তনিৰ্মিত ৰাইফল, দুটা পেকেট বিস্ফোৰক, খুকুৰী, দুটা মৃত মৰাচৰাই, ১০০টা মৰাচৰাইৰ পাখি আৰু চিকাৰত ব্যৱহাৰ কৰা অন্যান্য গুৰুত্বপূৰ্ণ সামগ্ৰী উদ্ধাৰ কৰে। এই তথ্য সংবাদমাধ্যমক জনায় চিৰাং জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰায়ে।
চিৰাঙৰ দুয়োফালে থকা মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ তৎপৰতা লক্ষ্য কৰি অভিযান আৰম্ভ কৰা হৈছিল। আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।






























