দেশৰ অৰ্থনীতি লৈ নতুন চিন্তা। সদ্য প্ৰকাশিত কেন্দ্ৰীয় প্ৰতিবেদন অনুসৰি চলিত বৰ্ষৰ জানুৱাৰী মাহত ভাৰতত নিবনুৱা হাৰ বৃদ্ধি পাই পাঁচ শতাংশ হৈছে। পূৰ্বে ডিচেম্বৰ মাহত এই হাৰ আছিল ৪.৮ শতাংশ।
ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয় (NSO)-ৰ সমীক্ষা অনুসৰি গ্ৰাম্য আৰু নগৰীয়া—দুয়ো ক্ষেত্ৰতে নিবনুৱা বৃদ্ধি পাইছে। একে সময়তে শ্রমশক্তি অংশগ্ৰহণ হাৰ আৰু কৰ্মৰত জনসংখ্যাৰ অনুপাতো হ্ৰাস পোৱা দেখা গৈছে।
প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে কৃষিক্ষেত্ৰত ফচল কটাৰ পাছৰ মন্দা, বতৰ জনিত কাৰণ আৰু শীতকালত নিৰ্মাণ, পৰিবহণ আৰু ক্ষুদ্ৰ ব্যৱসায়ৰ গতি কমি যোৱাৰ ফলত নিবনুৱা বৃদ্ধি পাইছে।
অৰ্থনৈতিক বিশেষজ্ঞসকলৰ মতে, দেশে এতিয়াও বৃহৎ কৰ্মসংস্থানৰ ঘাতিত ভুগি আছে আৰু শিক্ষিত যুৱসমাজে চাকৰি লাভ কৰাত সমস্যাৰ সন্মুখীন হৈ আছে।






























