Delhi:✒️দিল্লীৰ দ্বাৰকা অঞ্চলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই দেশজুৰি চাঞ্চল্য সৃষ্টি কৰিছে। তথ্য অনুসৰি এখন SUV অতিদ্ৰুত গতিৰে চলাইছিল এজন নাবালকে, আৰু তেওঁৰ কাষত বহি থকা ভনীয়েকে মোবাইলত গাড়ীৰ গতিৰ ৰিল ৰেকৰ্ড কৰি আছিল ।
ভিডিঅ’ত দেখা যায়, ব্যস্ত পথত বিপৰীত দিশৰ গাড়ীসমূহ অতিক্ৰম কৰি নাবালক চালকজনে দ্ৰুত গতিত গাড়ী চলাই আছিল ।
ইয়াৰ কিছু সময়ৰ SUVখনে পাছতেই নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা আহি থকা এখন বাইকত জোৰে খুন্দা মাৰে । এই ভয়াৱহ দুৰ্ঘটনাত ঘটনাস্থলীতে মৃত্যু হয় ২৩ বছৰীয়া বাইক আৰোহীৰ ।
ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে। ঘটনাটোৰ তদন্ত অব্যাহত আছে আৰু মৃত যুৱকৰ পৰিয়ালে ন্যায়ৰ দাবী জনাইছে।






























