ভাৰততো হ’ব নেকি নিৰ্দিষ্ট বয়সৰ তলত ছ’চিয়েল মিডিয়া ব্যৱহাৰত নিষেধাজ্ঞা ? এই সন্দৰ্ভত গুৰুত্বপূর্ণ ইঙ্গিত দিলে কেন্দ্ৰীয় তথ্য-প্ৰযুক্তি আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।
তেওঁ জনালে, বয়সভিত্তিক সীমাবদ্ধতা আৰোপ কৰাৰ বিষয়ত ছ’চিয়েল মিডিয়া প্লাটফৰ্মসমূহৰ স’তে চৰকাৰৰ আলোচনা চলি আছে।
চৰকাৰৰ লক্ষ্য হৈছে শিশু-কিশোৰক ছ’চিয়েল মিডিয়াৰ কুপ্ৰভাৱৰ পৰা সুৰক্ষা দিয়া আৰু ব্যৱহাৰকাৰীক ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ অধিক কঠোৰ নিয়ম-নীতি প্ৰণয়ন কৰা।
একে সময়তে ডিপফেক সমস্যাও এই আলোচনাৰ অন্যতম গুৰুত্বপূর্ণ বিষয় হিচাপে উত্থাপন হৈছে।
মন্ত্ৰীৰ মতে, নেটফ্লিক্স, ইউটিউব, মেটা বা এক্স—যিকোনো সংস্থাই হওক, সকলোকে ভাৰতৰ আইনী কাঠামো আৰু সংবিধান মানি চলিব লাগিব।
ডিপফেক এতিয়া দ্রুত বৃদ্ধি পোৱা সমস্যা বুলি উল্লেখ কৰি তেওঁ কয়, এই ক্ষেত্ৰত অধিক শক্তিশালী নিয়ন্ত্ৰণৰ প্ৰয়োজন আছে।
বিশ্বৰ বহু দেশেই ইতিমধ্যে শিশু-কিশোৰৰ বাবে ছ’চিয়েল মিডিয়াত বয়সভিত্তিক নিয়ন্ত্ৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। অষ্ট্ৰেলিয়াত ১৬ বছৰৰ তলৰ শিশু-কিশোৰৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু লাখ লাখ একাউণ্ট ব্লক কৰা হৈছে।






























