Aakhor AI at india Ai Impact Summit 2026:
বিশ্বায়নৰ যুগত মাতৃভাষা অসমীয়াৰ সংৰক্ষণ, প্ৰচাৰ আৰু প্ৰসাৰৰ অর্থে ডিজিটেল জগতত ভাষাৰ আধিপত্য বিস্তাৰ কৰাৰ লগতে ভাষাৰ ব্যৱহাৰযোগ্যতা বৃদ্ধিৰ অর্থে জনসাধাৰণৰ বাবে ভাষাটো সহজলভ্য কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ। এই লক্ষ্য অগত ৰাখি অসমীয়া ভাষাৰ বাবে অসমত উদ্ভাৱিত প্ৰকল্প “আখৰ এ আই”-এ নতুন দিল্লীস্থিত ভাৰত মণ্ডপমত ১৬ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈকে “ইণ্ডিয়া এ আই ইম্পেক্ট ছামিট ২০২৬” অনুষ্ঠানত অসমক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰিছে। বৰ্ণ লেবছৰ অদ্বিতীয় উদ্ভাৱন তথা অসমীয়া ভাষাৰ বিশ্বৰ প্ৰথম স্পীচ-টু-টেক্সট এপ্লিকেশ্যন “আখৰ এ আই” ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শিত হৈছে।
ই অনুষ্ঠানত বিশ্বপ্ৰসিদ্ধ ব্যক্তি চেম অল্টমেন, দাৰিও আমোদেই, সুন্দৰ পিছাই, বিল গেটছ, ডেমিছ হাছাবিছ, মুকেশ আম্বানী আদিৰ দৰে প্ৰতিষ্ঠিত উদ্যোগপতি তথা বিশিষ্ট ব্যক্তিৰ উপস্থিতিৰ লগতে ভাৰত চৰকাৰৰ মাননীয় মন্ত্ৰীসকলেও ইয়াত বক্তৃতা আগবঢ়াব। এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰি “আখৰ এ আই”য়ে অসমীয়া ভাষাকেন্দ্রিক এ আই প্রযুক্তিক বিশ্বৰ দৰবাৰলৈ উপস্থাপন কৰাৰ দিশত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে। বেছিভাগ উন্নত প্ৰযুক্তি কেৱল ইংৰাজী বা কেইটামান নিৰ্বাচিত বিশ্বজনীন ভাষাৰ মাজত সীমাবদ্ধ। “আখৰ এ আই”-ৰ দৰে পদক্ষেপে প্ৰমাণ কৰিছে যে অসমীয়াৰ দৰে পুৰণি আৰু সমৃদ্ধ আঞ্চলিক ভাষাও অত্যাধুনিক এ আই-ৰ সৈতে খোজ মিলাবলৈ সক্ষম হৈছে। ই ৰাজ্যৰ প্ৰত্যেক স্তৰৰ লোককে তেওঁলোকৰ নিজৰ ভাষাতে এ আই প্ৰযুক্তি ব্যৱহাৰ কৰাৰ বাট মুকলি কৰিছে।
