Ganga:তীব্ৰ গতিৰে মৃত্যুৰ মুখে গংগা

আই আইটি গান্ধীনগৰৰ গৱেষকৰ তথ্য

WhatsApp Image 2026 02 19 at 3.27.50 PM 2

Ganga:

তীব্ৰ গতিৰে মৃত্যুৰ দিশে গতি কৰিছে গংগা নৈয়ে। আমেৰিকান জিঅ’ফিজিকেল ইউনিয়নৰ উচ্চমানৰ পত্রিকা ‘আর্থছ ফিউচাৰত শেহতীয়াভাৱে প্রকাশিত এক গবেষণাপত্রত এই কথা কোৱা হৈছে। এই গৱেষণাপত্ৰত আঙুলিয়াই দিয়া হৈছে যে ১৯৮০ দশকৰ পৰা গংগা নৈৰে প্ৰৱাহিত পানীৰ পৰিমাণ হ্রাস পাবলৈ ধৰিছে। আইআইটি গান্ধী নগৰৰ একাংশ গৱেষকে এক উচ্চ ৰিজ’লিউচন, পদার্থ বিজ্ঞান নিৰ্ভৰ জলবৈজ্ঞানিক মডেলৰ জৰিয়তে ১৯৮০ৰ পৰা ২০২১লৈ বৃষ্টিপাত, নদীত পানীৰ স্রোত আৰু ভূগর্ভস্থ জল, জলসিঞ্চনৰ বাবে পানী উঠোৱা আদিক লৈ এক অধ্যয়ন সম্পন্ন কৰে। এই অধ্যয়নত দেখা

যায় যে গংগাত বিগত চাৰি দশক ধৰি পানীৰ স্রোত হ্রাস পাই আহিছে। এই গৱেষকসকলে দেশৰ আন এক নদীতন্ত্রক লৈয়ো অধ্যয়ন সম্পন্ন কৰে। এই নদীতন্ত্র হৈছে সিন্ধু বাহিনী নৈ। অধ্যয়নটোত দেখা যায় যে গংগাৰে প্ৰৱাহিত পানীৰ পৰিমাণ হ্রাস পাবলৈ ধৰাৰ বিপৰীতে সিন্ধু বাহিনী নৈৰে প্ৰৱাহিত পানীৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে। আনহাতে গংগাৰে বিগত ১৩শ বছৰৰ ভিতৰত বর্তমানে অধিক হাৰত প্ৰৱাহিত পানীৰ পৰিমাণ হ্রাস পাবলৈ ধৰিছে। অর্থাৎ নৈখন শুকাই আহিছে। ইয়ে ভাৰতেই নহয়, সমগ্ৰ দক্ষিণ এছিয়ালৈ সংকট কঢ়িয়াই অনাৰ আশংকা প্ৰবল হৈছে। এই অধ্যয়নত কোৱা হৈছে যে গংগা অৱবাহিকাৰ পানীৰ পৰিমাণ বিগত চাৰি দশকত ১৭ শতাংশ হ্রাস

পায়। এই একেই সময়ছোৱাত সিন্ধু অৱবাহিকাৰ নৈসমূহৰে প্ৰৱাহিত পানীৰ পৰিমাণ আঠ শতাংশ বৃদ্ধি পায়। অৱশ্যে সিন্ধু নদী তন্ত্ৰৰ সকলো নৈত সমানে পানী বৃদ্ধি পোৱা নাই। মূল সিন্ধু নৈ আৰু ইয়াৰ দুই পশ্চিমফালৰ উপনৈ ঝিলাম আৰু চেনাবৰে পানীৰ পৰিমাণ অধিক বৃদ্ধি পাইছে। তাৰ বিপ্ৰীতে সিন্ধু নৈৰ পূব দিশৰ দুই উপনৈ ৰবি আৰু শতদ্রুৰে প্ৰৱাহিত পানীৰ পৰিমাণ হ্রাস পাবলৈ ধৰিছে। আনহাতে গংগা অৱবাহিকাত শেহতীয়াভাৱে বৰষুণৰ পৰিমাণো ১০ শতাংশ হ্রাস পাইছে। অৱশ্যে বৰষুণৰ পৰিমাণ হ্রাস পোৱাৰ বাবে নহয়, নৈখন ক্ৰমাৎ তৰাং হ’বলৈ ধৰাৰ কাৰণ জলসিঞ্চন, অত্যধিক ভূগর্ভস্থ পানী ব্যৱহাৰ কাৰ্য প্ৰধান কাৰক বুলি আঙুলিয়াই দিছে আইআইটি গান্ধীনগৰৰ গৱেষকসকলে।

উল্লেখ্য যে ১৯৬০ত ভাৰত-পাকিস্তানৰ মাজত স্বাক্ষৰিত সিন্ধু জলচুক্তি অনুসৰি সিন্ধু নদীতন্ত্ৰৰ তিনিখন নৈ ক্রমে সিন্ধু, ঝিলাম আৰু চেনাবৰ পানী মূলতঃ পাকিস্তানক যোগানৰ ব্যৱস্থা কৰা হয়। আনহাতে ৰবি, ব্যাস আৰু শতদ্রু নৈৰ পানী ভাৰতলৈ আহে। ভাৰতক যোগানৰ ব্যৱস্থা উক্ত চুক্তিৰ জৰিয়তে কৰা হৈছিল। অৱশেষত পহলগামৰ সন্ত্রাসবাদীৰ আক্ৰমণৰ পাছত যোৱা বছৰৰ এপ্রিলত সিন্ধু জলচুক্তি বাতিল কৰা হয়।

এই সম্পর্কত আইআইটি গান্ধীনগৰৰ অধ্যাপক তথা উক্ত গৱেষণাকাৰী দলৰ অন্যতম বিমল মিশ্রই কয় যে সিন্ধু জলচুক্তি বাতিলৰ পাছতো পাকিস্তানৰ কৃষিক্ষেত্র ক্ষতিগ্রস্ত হোৱা নাই।

ইয়াৰ বিপৰীতে পঞ্জাৱত ভূগর্ভস্থ জলস্তৰ হ্ৰাস পোৱাৰ ফলত কৃষিকর্ম ক্ষতিগ্রস্ত হৈছে। গৱেষকসকলৰ মতে বৰষুণ নোহোৱা মাহসমূহত ভূগর্ভস্থ জলস্তৰে নৈসমূহ পূৰাই ৰাখে। দৰাচলতে জলবায়ু পৰিৱৰ্তন আৰু পানীৰ প্ৰয়োজন মানুহৰ অধিক হোৱাৰ ফলত একাংশ নৈ তৰাং হ’বলৈ ধৰিছে। আইআইটি গান্ধীনগৰৰ গৱেষকসকলৰ মতে গংগা অৱবাহিকাত ভূগর্ভস্থ জলে নৈলৈ বছৰি ৫০ৰ পৰা ৭০ শতাংশ পানী যোগান ধৰে। কিন্তু যেতিয়া খৰাং বতৰত কৃষকসকলে জলসিঞ্চনত অধিক ভূগর্ভস্থ জল ব্যৱহাৰ কৰে। তেতিয়া নৈসমূহে কম পৰিমাণত ভূগর্ভস্থ জল লাভকৰে। এনে কাৰণতো গংগা নৈ তৰাং হ’বলৈ ধৰিছে বুলি গৱেষকসকলে আঙুলিয়াই দিছে।

Exit mobile version