Guwahati:মহানগৰীৰ হোটেল গেটৱেত গ্রেণ্ডিঅ’ৰত কংগ্ৰেছক বাদ দি বিৰোধীৰ মিত্ৰতাৰ বৈঠক

WhatsApp Image 2026 02 19 at 5.07.31 PM

Guwahati:

ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ ডেৰটা মাহ থকা অৱস্থাত কংগ্ৰেছৰ নেতৃত্বত এক বৃহৎ বিৰোধী জোঁট গঠনৰ বাবে ব্যাপক কুজকাৱাজ আৰম্ভ হৈছিল যদিও বিগ ব্ৰাডাৰ কংগ্ৰেছৰ আশানুৰূপ সহাৰি পোৱাত বিলম্ব হোৱাৰ বাবেই অৱশেষত কংগ্ৰেছ বিহীন বিৰোধী জোটবন্ধনৰ দিশে আগবাঢ়িছে ৰাইজৰ দল,অজাপ সহ বাওঁদল সমূহ ৷

ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে আসন বুজাবুজিৰ ক্ষেত্ৰত ইতিমধ্যে কে’বাবাৰো ডেট লাইন বান্ধি দিয়াৰ পিছতো এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ হোহোকাই পিছলাই থকা নীতি অতিষ্ঠ হৈ পৰিছে আঞ্চলিক দল কেইটা।

যাৰবাবে বৃহস্পতিবাৰে মহানগৰীৰ হোটেল গেটৱেত গ্রেণ্ডিঅ’ৰত কংগ্ৰেছক বাদ দি বিৰোধীৰ মিত্ৰতাৰ এক ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত লগতে ৰাইজৰ দল, অসম জাতীয় পৰিষদ, এপিএইছএলচি,চিপিআই আৰু চিপিএম ৷ অজিত কুমাৰ ভূঞা,অখিল গগৈ ,লুৰিণজ্যোতি গগৈ,মনোৰঞ্জন তালুকদাৰ আমিনুল ইছলাম সহ বহু কেইজন নেতাই অংশ লয় ৷

Exit mobile version