Lurinjyoti Gogoi:
আজি গুৱাহাটীৰ হোটেল গে’টৱে’ত অনুষ্ঠিত হোৱা ‘অসম’ মিত্ৰজোটৰ সভাত এ আই ইউ ডি এফ দলেও অংশগ্ৰহণ কৰা বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হোৱা চকুত পৰিছে। এই বাতৰিটো মিছা আৰু ষড়যন্ত্ৰমূলক। অসম মিত্ৰজোঁটত এ আই ইউ ডি এফ নাই আৰু থাকিবই নোৱাৰে। অসম মিত্ৰজোটে কোনো সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ সৈতে সহাবস্থান নকৰে – এইটো স্পষ্ট। এক বিবৃতি এই কথা সদৰি কৰে অসম সন্মিলিত মৰ্চাৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে ৷
