Madhya Pradesh:
মধ্য প্রদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ আফ্ৰিকাৰ চিতা জেমিনিয়ে জন্ম দিলে তিনিটা চিতা পোৱালীৰ। বুধবাৰে মধ্য প্রদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে এই খবৰ সদৰী কৰিলে। ইয়াকে লৈ কুনোত জন্ম লাভ কৰা চিতা পোৱালীৰ সংখ্যা নটালৈ বৃদ্ধি পালে।
লগতে জেমিনিয়ে দ্বিতীয়বাৰলৈ পোৱালী জন্ম দিলে। দেশত চিতাৰ সংখ্যা ৩৮ লৈ বৃদ্ধি পালে। প্রজেক্ট চিতাৰ অধীনত ২০২২ত নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা মুঠ ১০ টা চিতা কুনোলৈ অনা হৈছিল।২০২২-২৩ত কুনোলৈ মুঠ ২০ টা চিতা অনা হৈছিল ৷
