Nagaon:নগাঁৱৰ কন্দলী পাহাৰৰ বাদুলী খোৰোঙত উখল-মাখল পৰিৱেশ

তিনিদিনীয়াকৈ আৰম্ভ বাদুলী খোৰোং মেলাত ৰাইজৰ ভিৰ

WhatsApp Image 2026 02 19 at 3.27.50 PM 1

Nagaon:

পৰ্যটক আৰু বিভিন্ন ৰাইজৰ বাবে আজিও এক কৌতূহল নগাঁও জিলাৰ বঢ়মপুৰৰ কন্দলি পাহাৰৰ গুহাত অৱস্থিত বাদুলী খোৰোং। হেজাৰ হেজাৰ বাদুলিৰ আৱাসস্থলী কন্দলী পাহাৰৰ এই বাদুলী খোৰোং বিগত ২০০১তেই স্থানীয় ৰাইজে উদ্ধাৰ কৰিছিল। জনশ্রুতি আৰু লোকবিশ্বাস অনুসৰি এসময়ত কন্দলী আছিল মহিলাৰ ৰাজ্য। ৰাণী প্রমীলাই সেই ৰাজ্যত ৰাজত্ব কৰিছিল।

এবাৰ এজন ঋষিয়ে মহিলাৰ বেশ ধৰি গুপ্তচৰ স্বৰূপে চাবলৈ আহিছিল সেই মহিলাৰ ৰাজ্য। ৰাণী প্রমীলাই চোৰাংচোৱাৰ জৰিয়তে সেই কথা জানিব পাৰি বন্দী কৰিছিল ঋষিক। আনকি ঋষিক গুহাত ওলমাই বান্ধি শাস্তি বিহা হৈছিল। এই বিষয়ে ঋষিৰ শিষ্যসকলৰ জ্ঞাত হোৱাত তেওঁৰ শিষ্যসকলে আহি মুনিক মুকলি কৰি নিয়ে যদিও ঋষিয়ে মহিলা সকলক এই গুহাৰ ভিতৰত বাদুলি ৰূপ লৈ বন্দী হৈ থকাৰ অভিশাপ দিছিল। পাছত ৰাণীয়ে কাকুতি-মিনতি কৰাত ঋষিয়ে সেই গুহালৈ ভক্তৰ সমাগম হ’লেই মুক্তি পাব বুলি কৈ সেই স্থান ত্যাগ কৰিছিল।

বিগত ২০০১ত এই বাদুলি খোৰোং পোহৰলৈ অহাৰ পাছৰে পৰা স্থানীয় ৰাইজে তেতিয়াৰ পৰাই প্ৰতি বছৰে মহা শিৱৰাত্ৰিৰ পিছদিনাৰে পৰা পালন কৰি আহিছে বাদুলি খোৰোং মেলা। সেই ধাৰাবাহিকতা আজিও অব্যাহত আছে। এইবাৰো কালিৰে পৰা তিনিদিনীয়াকৈ বাদুলি খোৰোং মেলা আৰম্ভ হৈছে। মেলা

উপলক্ষে গুহাৰ ভিতৰত থকা মন্দিৰৰ ভিতৰত পূজা-অর্চনা কৰিবলৈ বুলি ভক্তৰ লানি নিছিগা সোঁত ববলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। বাদুলী খোৰোং মেলাৰ কাৰ্যসূচী অনুসৰি, কালি পুৱা সাত বজাত পতাকা উত্তোলন, আঠ বজাত বন্তি প্রজ্বলন, ৯-৩০ বজাত জনজাতি কলা-কৃষ্টি প্রদর্শনৰ অন্তত বাদুলী খোৰোঙৰ দ্বাৰ উন্মোচন কৰা হয়। ইয়াৰ পাছতে বাদুলী খোৰোং প্ৰদৰ্শন আৰু দুপৰীয়া নাম-কীৰ্তন পৰিৱেশন কৰে ভুমুক গাঁও দিহানাম দল আৰু পুৰণি হাবিগাঁও দিহানাম দলে। বিয়লি এক বজাত প্রসাদ বিতৰণ, বিয়লি চাৰি বজাত বন্তি প্রজ্বলন আদি কার্যসূচী সম্পন্ন হয়।

আনহাতে, আজি ১৮ পুৱা সমিতিৰ দ্বাৰা চৌহদ চাফাই,খোৰোঙ প্রদর্শন, কুৱৰীচুক পামতলি গাঁৱৰ দিহানাম দলৰ দ্বাৰা নাম-কীৰ্তন পৰিৱেশন, বিয়লি এক বজাত একক নৃত্য প্রতিযোগিতা, বিয়লি বন্তি প্রজ্বলনেবে দ্বিতীয় দিনৰ কাৰ্যসূচীৰ অন্ত পৰে।

কাৰ্যসূচী অনুসৰি, আজে সাত বজাত সমিতিৰ দ্বাৰা চৌহদ চাফাই, আঠ বজাত খোবোং প্রদর্শন, ১০ বজাত নিবুকালি নৱজ্যোতি দিহানাম দলৰ দ্বাৰা নাম-কীর্তন আৰু ইয়াৰ অন্তত প্রসাদ বিতৰণ কৰা হ’ব। বিয়লিলৈ মেলাৰ সামৰণি পৰিব। ‘উল্লেখযোগ্য যে প্রতি বছৰে শিৱৰাত্রিব এদিনৰ পাছতে তিনিদিনীয়া বর্ণাঢ্য কার্যসূচীৰে অতি উলহ-মালহেৰে উদযাপন কৰি অহা এই মেলালৈ জনতাৰ লানি নিছিগা সোঁত বয়।

বিভিন্ন জনবিশ্বাস আৰু কিংবদন্তিৰে ভৰা কন্দলী পাহাৰৰ বুকুত থকা বিস্ময়কৰ এটি শিলৰ গুহাত বছৰ বছৰ ধৰি বসবাস কৰি আহিছে হেজাৰ-হেজাৰ বিভিন্ন বং-বিৰঙৰ বাদুলী। এই শিলৰ গুহাটোক কেন্দ্ৰ কৰি বিগত ২০০১ৰ পৰা অনুষ্ঠিত হৈ আহিছে বাদুলী খোৰোং মেলা। প্রতি বছৰে অসমৰ বিভিন্ন প্রান্তৰ পৰা বাদুলী খোৰোং মেলালৈ অগণন লোকৰ আগমন হয়। বাদুলী খোৰোং মেলাত ৰং-বিৰঙৰ বিভিন্ন বাদুলী আৰু আশ্চর্যকৰ গুহাটো চাবলৈ প্ৰতি বছৰে বহুলোকৰ সমাগম হয়।

Exit mobile version