Rajib bhawan:
বিগত ৩২টা বৰ্ষত কংগ্ৰেছৰ বিভিন্ন পদবী কাম কৰা এপিচিচিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই ইতিমধ্যে কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পিছত দেওবাৰে পিন্ধিব গেৰুৱা বসন। এপিচিচিত দপদপাই থকা এসময়ৰ শক্তিশালী নেতাজনৰ ফটো আন শীৰ্ষ নেতাসকলৰ সৈতে ৰাজীৱ ভৱনৰ সন্মুখতে জিলিকি থকাত যুৱ কংগ্ৰেছৰ একাংশ নেতা- কৰ্মীয়ে ৰাজ্যিক নেতৃত্বৰ বিষয়টো অৱগত কৰে ৷ আনকি বৃহস্পতিবাৰে পুৱালৈকে থকা ভূপেন বৰাৰ ফটোত অৱশেষত বগা কাগজেৰে ঢাকি দিয়ে ৰাজীৱ ভৱনত কৰ্মৰত কৰ্মচাৰীয়ে ৷
উল্লেখ্য যে আজি দুদিনীয়া ভ্ৰমণ সূচীৰে গুৱাহাটীত উপস্থিত হয় কংগ্ৰেছৰ শীৰ্ষ নেত্ৰী প্ৰিয়ংকা গান্ধী। নেত্ৰী গৰাকীয়ে দুপৰীয়া ভাগত উপস্থিত হ’ব ৰাজীৱ ভৱনত ৷ যাৰবাবে শীৰ্ষ নেত্ৰী গৰাকী পদাৰ্পণ কৰাৰ পূৰ্বেই ততাতৈয়াকৈ ভূপেন বৰাৰ আন আন ফটো সমূহ ততাতৈয়াকৈ কাৰ্যালয়ৰ পৰা আঁতৰাই পেলোৱা হয়।
স্মতৰ্ৱ্য যে ৰাজীৱ ভৱনত বুধবাৰে সাংবাদিকৰে হোৱা এক বাৰ্তালাপৰ সময়ত সাংবাদিকে ৰাজীৱ ভৱনত ভূপেন বৰাৰ ফটো সগৌৰৱে উলমি থকা বিষয়টো দৃষ্টিগোচৰ কৰিছিল যাৰবাবে শইকীয়াই ফটোবোৰ আঁতৰাই পেলাবলৈ ৰাজীৱ ভৱনৰ কৰ্মচাৰীক নিৰ্দেশ দিয়ে । কিন্ত বুধবাৰৰ গোটেই দিনটোৰ লগতে বৃহস্পতিবাৰে পুৱালৈকে উলমি আছিল ভূপেন বৰাৰ ফটো ৷ অৱশ্যে প্ৰিয়ংকা গান্ধী আগমনত থৰকাছুটি হেৰুৱাই বৃহস্পতিবাৰে পুৱা ১০ বজাৰ পিছত আঁতৰাই দিয়া হয় ৷ ইয়াৰ লগে লগে ৰাজীৱ ভৱনত অতীত হৈ পৰিল ভূপেন বৰা ।
