Indictment:বিজেপি চৰকাৰৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছে উদ্থাপন কৰা অভিযোগনামাত আছে কি ?

WhatsApp Image 2026 02 10 at 3.45.21 PM

Indictment:বিজেপি চৰকাৰৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছে উদ্থাপন কৰা অভিযোগনামাত আছে কি ?

১/দিছপুৰত কেন্দ্ৰীভূত ‘ছিণ্ডিকেটৰাজ’ৰ যোগেদি এক অবৈধ সমান্তৰাল অর্থ ব্যৱস্থা স্থাপন।

২/মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, তেওঁৰ ঘনিষ্ঠ সহযোগী মন্ত্রীসকল আৰু নিজৰ নিজৰ পৰিয়ালৰ সদস্যসকলৰ দ্বাৰা ব্যাপক দুর্নীতি আৰু অবৈধ সম্পত্তি আহৰণ।

৩/’কেগ’ৰ সাৱধানবাণী সত্ত্বেও অদায়িত্বশীলভাৱে চৰকাৰৰ ঋণৰ পৰিমাণ বৃদ্ধি আৰু অর্থনৈতিক কু-ব্যৱস্থাপনাদশকজোৰা প্রতিশ্রুতি সত্ত্বেও অসমৰ ছটা জনগোষ্ঠীক অনুসূচিত জনজাতিৰ মৰ্যাদা প্রদানত ব্যর্থ বিজেপি চৰকাৰ।

৪/খিলঞ্জীয়াক উচ্ছেদ কৰি অসমৰ খিলঞ্জীয়াৰ মাটি গতাই দিয়া হ’ল কৰ্প’ৰেটক।

৫/১৯৮৫৩ সর্বসম্মতিত স্বাক্ষৰিত হোৱা অসম চুক্তিৰ প্ৰতি চৰম বিশ্বাসঘাতকতা। অসমীয়াৰ পৰিচয় সুৰক্ষিত কৰা ছয় নম্বৰ দফা আজি পর্যন্ত ইচ্ছাকৃতভাবে কাৰ্যকৰী কৰা নহ’ল।

৬/এনআৰচি প্ৰক্ৰিয়া স্থবিৰ কৰি বিজেপিয়ে ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰা কাম চলাই গৈছে। এনআৰচিৰ বাবদ খৰচ হোৱা ১৬শ কোটি টকা হৈছে অসমত সংঘটিত সর্ববৃহৎ ৰাজনৈতিক কেলেংকাৰি।

৭/অসমৰ আৰু বানপানী গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় দুর্যোগৰ মর্যাদা দিয়াত ব্যর্থ।

৮/’বিজেপিৰ যুৱ ৰপ্তানি নীতি’-নতুন চাকৰি সৃষ্টি কৰাত ব্যৰ্থ বিজেপি চৰকাৰ।

৯/কেৱল চৰকাৰী খালী পদ পূৰণকেই ‘নিয়োগ’ বুলি ভবা ভুৱা প্ৰচাৰ কৰি অসমক বহিঃৰাজ্যলৈ শ্রমিক যোগান ধৰা এক সংস্থানলৈ ৰূপান্তৰিত কৰিছে বিজেপিয়ে।

১০/ৰাজহুৱা শিক্ষাব্যৱস্থাৰ দুৰ্বলীকৰণৰ যোগেদি দুখীয়া শিশুক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চনা।

১১/মৌলিক স্বাস্থ্যসেৱা প্ৰদানত ব্যৰ্থ হোৱা অসমত প্ৰতিৰোধক্ষম ৰোগত অস্বাভাৱিক মৃত্যুৰ সংখ্যা বৃদ্ধি।

১২/দুখীয়া চাহ শ্রমিকসকলৰ স’তে প্ৰতাৰণা- ৩৫১ টকাৰ দিন মজুৰিৰ দশকজোৰা প্রতিশ্রুতি আজিলৈ কাৰ্যকৰী কৰা নহ’ল।

১৩/পক্ষপাতদুষ্টভাৱে সাধাৰণ লোকৰ ওপৰত বিজেপি চৰকাৰৰ বুলড’জাৰ নীতি।

১৪/আতংকময় পৰিৱেশ সৃষ্টি আৰু এনকাউণ্টাৰৰ যোগেদি বিজেপি চৰকাৰৰ ‘কাউবয়’ শাসন ব্যৱস্থা।

#মহিলা আৰু শিশুৰ প্ৰতি অপৰাধ

১/যৌন নির্যাতন আৰু মানৱ সৰবৰাহৰ দিশত অসমে গঢ়িছে অভিলেখ। সুৰক্ষা দিয়াত ব্যর্থ বিজেপি চৰকাৰ।

২/অসমৰ প্ৰাকৃতিক সম্পদ খনন বেপাৰীক আৰু বন মাফিয়াৰ হাতত বিক্ৰী কৰি দিয়া হৈছে।

৩/বিজেপি চৰকাৰে ড্ৰাগছৰ সমস্যাৰ সমাধানক আওকাণ কৰি কেৱল মাত্র পিআৰ ষ্টান্ট আৰু আশংকিভাবে জব্দ কৰা ড্ৰাগছৰ প্ৰচাৰ চলাইছে।

৪/অবৈধ আৰু অবৈজ্ঞানিক ‘ৰেট-হোল’ কয়লা খননক উৎসাহিত কৰি অসমৰ খনিজ সমৃদ্ধ অঞ্চলসমূহক একোটা ৰূপান্তৰিত কৰিছে। ‘মৃত্যু উপত্যকা’লৈ

৫/বিজেপি চৰকাৰৰ দিনত বাক স্বাধীনতাক মষিমূৰ কৰি গণতন্ত্ৰৰ চতুর্থ স্তম্ভ (সংবাদ মাধ্যম)ক নিস্তব্ধ কৰি পেলোৱা হৈছে।

৬/নগৰ পৰিকল্পনাৰ বাবে বিজ্ঞান মনস্কতাৰ অভাৱ আৰু পৰিচালন বিফলতাৰ বাবে আমাৰ চহৰ-নগৰ কদৰ্য ৰূপৰ আৱৰ্জনাৰে পূৰ্ণ আৰু চিৰ বানগ্রস্ত।

Exit mobile version