Severe heat waves in five cities:গুৱাহাটীকে ধৰি পাঁচখন মহানগৰত স্বাভাৱিকতকৈ অধিক তাপমাত্রা

WhatsApp Image 2026 02 20 at 1.41.31 PM

Severe heat waves in five cities:

বহুতে অনুভৱ কৰিছে যে শীতৰ আমেজ ভালদৰে ল’বলৈ নৌপাওঁতেই পৰিৱেশ গৰম হ’বলৈ ধৰিছে। এইসকলৰ অনুভৱ সম্প্রতি । সঠিক বুলি প্ৰকাশ কৰিছে বতৰ বিজ্ঞানীয়ে। এই বতৰ বিজ্ঞানীসকলৰ মতে চলিত মাহৰ প্ৰথম ১৫ দিনতে সমগ্ৰ দেশত গৰম অনুভৱ হৈছে। আনকি বহু নগৰ-চহৰত তাপমাত্রা স্বাভাৱিতকৈ অধিক হৈছে। অথচ সৌ সিদিনালৈ দেশত ফেব্ৰুৱাৰীকো শীতৰ মাহ বুলিয়ে গণ্য কৰা হৈছিল।

এক বিশ্লেষণ অনুসৰি দেশৰ ২৮খন ৰাজ্য আৰু আঠখন কেন্দ্রীয় শাসিত অঞ্চলৰ ৩৪খন নগৰ-চহৰৰ মাজৰ ২৭খনত চলিত মাহৰ ১৫ দিনতে দিনৰ সময়ছোৱাৰ তাপমাত্রা স্বাভাৱিতকৈ অধিক হয়। আনকি নিম্নতম তাপমাত্রা বা নিশাৰ তাপমাত্রাও দেশৰ ১০ খন ৰাজ্যত স্বাভাৱিতকৈ অধিক হয়। চলিত মাহৰ প্ৰথম ১৫টা দিনত স্বাভাৱিতকৈ সর্বোচ্চ তাপমাত্রা অধিক হোৱা দেশৰ পাঁচখন মহানগৰৰ মাজত গুৱাহাটীও আছে। আনকেইখন এনে মহানগৰ হ’ল ডেৰাড়ুন, ইম্ফল আৰু ৰায়পুৰ। আনহাতে, এই ১৫টা দিনত চাৰিখন মহানগৰ ক্ৰমে মুম্বাই, ডিউ, পাটান আৰু আহমেদাবাদত সর্বনিম্ন তাপমাত্রা স্বাভাৱিতকৈ অধিক হয়।

এই সম্পৰ্কত ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি হিমালয়ৰ পাদদেশৰ ৰাজ্যসমূহত এইবাৰ শীতকাল অস্বাভাৱিকভাৱে শুকান হয়। এই ৰাজ্যসমূহৰ যিসমূহত বৰফ পৰে সেইসমূহ ৰাজ্যত এইবাৰ শীতৰ দিনত তুষাৰপাত প্রায় নহ’ল। একেদৰে শীতৰ দিনত বৰষুণ হোৱা এনে ৰাজ্যসমূহত এইবাৰ শীতকালত বৰষুণ প্ৰায় নহ’ল। লক্ষ্যণীয়ভাৱে অসম তথা উত্তৰ-পূবকো হিমালয়ৰ পাদদেশৰ ৰাজ্যসমূহৰ মাজতে সামৰি লোৱা হয়।

এনেদৰে এই ৰাজ্যসমূহত বৰষুণৰ পৰিমাণ হ্রাস পোৱাত কৃষিখণ্ড আৰু খাদ্য সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। বতৰ বিজ্ঞান বিভাগৰ মতে, পশ্চিমীয়া বতাহৰ দুৰ্বল আৰু সামান্য প্ৰভাৱৰ বাবে এইবাৰ ঘেঁহুৰ দৰে ৰবিশস্যৰ উৎপাদন হ্রাস পোৱাৰ আশংকা আছে। কাৰণ বৰষুণৰ অভাৱত এনে শস্যই অকালপক্ক ৰূপ লয় আৰু ফলত উৎপাদন হ্রাস পায়।

উল্লেখ্য যে ২০২২তো দেশৰ অন্যতম প্রধান খাদ্য ঘেঁহুৰ উৎপাদন উদ্বেগজনকভাৱে হ্রাস পায়। ইয়াৰ কাৰণ আছিল ঘেঁহু গছৰ বৃদ্ধিৰ সময়তে মার্চত এক অভূতপূর্ব উষ্ণ বতাহৰ প্ৰভাৱ পৰে। এইবাৰ বতৰৰ এনে অস্বাভাৱিক অৱস্থাৰ ক্ষেত্রত আন এক উদ্বেগজনক তথ্য হ’ল যে পূবৰ স্কটলেণ্ডৰূপে খ্যাত শ্বিলঙকে ধৰি শিমলা, লেহ, শ্রীনগৰ, ইম্ফল, ডেৰাডুন আৰু আগৰতলাত বতৰ অস্বাভাৱিকভাৱে উষ্ণ হৈছে।

আনকি শ্রীনগৰত অবিশ্বাস্যভাৱে সর্বোচ্চ তাপমাত্রা স্বাভাৱিতকৈ ৭.৮ ডিগ্রী চেলছিয়াছ পর্যন্ত অধিক হৈছে। একেদৰে যোৱা ১৫ ফেব্ৰুৱাৰীত শিমলাতো সর্বোচ্চ তাপমাত্রা স্বাভাৱিতকৈ ৪.৮ ডিগ্রী বেছি হয়। গতিকে দেশৰ উষ্ণ স্থানসমূহৰ অৱস্থা কেনে হৈছে সেয়া সহজে অনুমেয়। নতুন দিল্লীত যোৱা ১৫ ফেব্ৰুৱাৰীত দিনৰ সময়ছোৱাৰ তাপমাত্রা স্বাভাৱিতকৈ ৪.১ ডিগ্রী চেলছিয়াছ অধিক হয়। একেদৰে লুধিয়ানাত ৪.৪ ডিগ্রী চেলছিয়াছ অধিক হয়।

এই সম্পর্কত এজন বিশেষজ্ঞই কয়, ‘বৰষুণৰ অভাৱৰ বাবে সৰিয়হ, মচুৰ মাহ, মটৰ মাহৰ দৰে খাদ্য শস্যৰ ফুল পলমকৈ ফুলাৰ আশংকা আছে আৰু এনে খাদ্য শস্য অকালপক্ক হ’ব পাৰে। যদি এনে পৰিস্থিতিৰ উদ্ভৱ হয় তেন্তে উৎপাদন হ্রাস পাব।’ একে পৰিস্থিতি আলু, পিঁয়াজ, নহৰু, বিলাহী, ফুলকবি, বন্ধাকবি আদিৰ ক্ষেত্ৰতো হোৱাৰ আশংকা আছে।

Exit mobile version