Wild Buffalo Injured in North Guwahati:উত্তৰ গুৱাহাটীৰ লেঙাত দুষ্কৃতিকাৰীয়ে শৰবিদ্ধ কৰা বনৰীয়া ম’হক উদ্ধাৰ বন বিভাগৰ

WhatsApp Image 2026 02 20 at 4.33.41 PM

Wild Buffalo Injured in North Guwahati:

বুধবাৰে কোনো দুষ্কৃতিকাৰীয়ে শৰ মাৰি আঘাতপ্রাপ্ত কৰা এটা বনৰীয়া ম’হক অৱশেষত শুকুৰবাৰে বনকৰ্মীয়ে উদ্ধাৰ কৰিলে উত্তৰ গুৱাহাটীৰ লেঙাত ৷ গুৱাহাটীৰ পৰা যোৱা বন বিভাগৰ দলটোৱে অসহ্য বিষ বেদনা লৈ বিচৰণ কৰি থকা ম’হটোক ট্ৰেংকুলাইজ কৰি দেহৰ পৰা উলিয়ালে লোৰ শৰ এডাল ৷ বৰ্তমান বন বিভাগৰ পশু চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছে ৷ সুস্থ হৈ উঠিলে পুনৰ বনাঞ্চলত এৰি দিয়া হ’ব বনৰীয়া ম’হটোক ৷

Exit mobile version