CRPF Established Day :
মহানগৰীৰ সৰুসজাইৰ অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত শুকুৰবাৰে অনুষ্ঠিত হয় চিআৰপিএফৰ ৮৭ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজিত বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আৰু সন্মানীয় অতিথি ৰূপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই।
অনুষ্ঠানত অংশগ্ৰহণৰ পূৰ্বে গৃহমন্ত্রী গৰাকীয়ে বীৰ ছহিদ সকললৈ শ্রদ্ধাঞ্জলি জনাই। ইয়াৰ পিছতে বিশেষ পেৰেডেৰে গৃহমন্ত্ৰী অমিত শ্বাহক অভিবাদন জনাই চিআৰপিএফৰ জোৱানে ৷ অনুষ্ঠানতে চিআৰপিএফৰ জোৱানে প্ৰদৰ্শন কৰে বিভিন্ন কলা-কৌশল। এই অনুষ্ঠানতে কৰ্তব্যৰত অৱস্থাত বিশেষ কৃতিত্ব প্ৰদৰ্শন কৰা বিষয়ৰ- জোৱানৰ গৃহমন্ত্ৰী শ্বাহে প্ৰদান কৰে পদক ৷ অনুষ্ঠানৰ আদৰণি ভাষণ প্ৰদান কৰে চিআৰপিএফৰ সঞ্চালক প্ৰধান জিপি সিঙে ৷