Dispur:মহানগৰ আৰক্ষীৰ জালত ৩ হেলমেট চোৰ

বিভিন্ন স্থানত ৰখাই থোৱা বাইকৰ পৰা হেলমেট চুৰি কৰে তিনি চোৰে

WhatsApp Image 2026 02 21 at 5.01.50 PM

Dispur:

মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে হেলমেট চুৰিকাণ্ড। গুৱাহাটীৰ বিভিন্ন স্থানত ৰখাই থোৱা বাইকৰ পৰা হঠাতে নাইকীয়া হয় হেলমেট ৷ আচলতে একাংশ চোৰে বাইক আৰোহীয়ে বাইক ৰখাই থৈ আঁতৰি যোৱাৰ লগে লগে হেলমেট লৈ উধাও। শেহতীয়াকৈ এনে ঘটনা নিত্যনৈমিত্তিক হৈ পৰিছিল ৷ অৱশেষত এশ গৰু মাৰিলে বাঘৰো মৰণ লেখিয়া তিনি হেলমেট চোৰ পৰে দিছপুৰ আৰক্ষীৰ জালত। বিশেষ খবৰৰ ভিত্তিত আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই ছয়মাইলৰ পৰা আটক কৰে চামিনুল ৰহমান ,অমিত দাস, টেক বাহাদুৰ ছেত্ৰী নামৰ কুখ্যাত হেলমেট চোৰ কেইটাক ৷ চোৰ কেইটাৰ পৰা চাৰিটা হেলমেট জব্দ কৰে আৰক্ষীয়ে I

Exit mobile version