Accident in Panikhaiti:মহানগৰীত অব্যাহত ডাম্পাৰৰ দৌৰাত্ম্য

পানীখাইতিত নিশা মাটি কঢ়িওৱা ডাম্পাৰে মহটিয়ালে এজন যুৱকক

WhatsApp Image 2026 02 23 at 11.56.18 AM

Accident in Panikhaiti:

মহানগৰীত নিশা হ’লেও ডাম্পাৰৰ দৌৰাত্ম্য বৃদ্ধি পায়। যমদূতত পৰিণত হৈছে ডাম্পাৰ  ৷ দ্ৰতবেগী ডাম্পাৰ দৌৰাত্ম্যত ইতিমধ্যে বহুজনৰ অকাল মৃত্যু হৈছে যদিও মহানগৰ প্ৰশাসনে নাকী লগাবলৈ সক্ষম হোৱা ডাম্পাৰ সমূহ । দেওবাৰে পুনৰ ডাম্পাৰে মহতিয়ালে এজন যুৱকক ৷ মহানগৰীৰ পাশ্বৱৰ্তী পানীখাইতিত নিশা কামৰ পৰা গৃহাভিমুখী হোৱা এজন যুৱকৰ মহতিয়াই নিয়ে এখন তীব্ৰবেগী ডাম্পাৰে । ফলত থিতাতে মৃত্যু হয় দুৰ্ভগীয়া যুৱকজনৰ ৷ মৃত যুৱকজনৰ নাম বাসুদেৱ নমঃশূদ্ৰ ৷ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ডাম্পাৰখনৰ চালকজনে ৷ ঘটনাস্থলীত পানীখাইতি আৰক্ষী উপস্থিত হৈ ডাম্পাৰ খন জব্দ কৰাৰ লগতে যুৱকজনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰে ৷

Exit mobile version