Dhekiajuli:
ঢেকিয়াজুলিৰ কেহেৰুখন্দা অঞ্চলত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। ভূমি বিবাদক কেন্দ্ৰ কৰি জেষ্ঠ্য ভাতৃয়ে কনিষ্ঠ ভাতৃক প্ৰাণে মৰাৰ অপচেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে।
অভিযোগ অনুসৰি, কেহেৰুখন্দাত অৱস্থিত দুই ভাতৃৰ একেলগে থকা ব্যৱসায়ী প্ৰতিষ্ঠানৰ বেৰত গোপনে বিদ্যুৎ তাঁৰ সংযোগ কৰি থৈছিল জেষ্ঠ্য ভাতৃ সজল দত্তই। উদ্দেশ্য আছিল কনিষ্ঠ ভাতৃ নান্টু দত্তৰ লগতে তেওঁৰ পৰিয়ালক ক্ষতি সাধন কৰা বুলি অভিযোগ। ঘটনাটো তেতিয়াই পোহৰলৈ আহে যেতিয়া কনিষ্ঠ ভাতৃ নান্টু দত্তই সন্দেহজনক অৱস্থাত বেৰত বিদ্যুৎ সংযোগ কৰা লক্ষ্য কৰে। তৎক্ষণাত তেওঁ ঘটনাটোৰ বিষয়ে আৰক্ষীক অৱগত কৰে।
