Gerukamukh:বৃহৎ এলেকাৰ পাহাৰ ছানি ধৰিছে জুইয়ে: পৰিস্থিতি নিয়ন্ত্রণ অব্যাহত অগ্নিনির্বাপক বাহিনীৰ

WhatsApp Image 2026 02 23 at 5.32.46 PM

Gerukamukh:

গেৰুকামুখ এন এইচ পি চি প্ৰকল্পস্থ্লিৰ পাহাৰত অগ্নিকাণ্ড বৃহৎ বনাঞ্চল জুইয়ে আগুৰি ধৰিছে । কাণ্ড- জ্ঞান নথকা কোনো দুষ্ট লোকে আজি দুপৰীয়া খৰাং বতৰত শুকান ঠাইত অগ্নি সংযোগ কৰাৰ ফলত নিমিষতে গেৰুকামুখ পাহাৰ জুইয়ে আৱৰি ধৰে , ফলত পাহাৰৰ বনাঞ্চলত থকা গছ-বন চৰাই -চিৰিকতি বসবাস কৰা জীৱ-জন্তু জুইয়ে অনিষ্ট সাধন কৰে বুলি জানিব পৰা গৈছে। জুইৰ শিখা ইমানেই বৃদ্ধি পাইছে , NHPC ৰ অগ্নিনির্বাপক বাহিনীয়ে উক্ত অঞ্চলত উপস্থিত হৈ বৰ্তমান সময়ৰ লৈকে অপ্ৰাণ চেষ্টাৰ পিছতো অগ্নিনির্বাপিত কৰিবলৈ সক্ষম হোৱা নাই I

উল্লেখ্য যে, প্রায় চাৰি, পাঁচ মাহ ধৰি অনাবৃষ্টি হৈ থকাৰ বাবে নিমিষতে সমগ্র পাহাৰ জুইয়ে আৰবি ধৰাত বিশেষকৈ পাহাৰত বসবাস কৰা বনৰীয়া জীৱ-জন্তু ধংস পথলৈ গতি কৰিছে । এই ক্ষেত্রত অঞ্চলটোত নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ নিৰ্মাণ কাৰ্য চলাই নিয়া প্ৰতিষ্ঠানৰ নিৰাপত্তা হেমাহিৰ বাবেই এনে কার্য হোৱা বুলি স্থানীয় লোক সকলে প্ৰকাশ কৰে যিহেতু আজিৰ পৰা প্ৰায় দুমাহৰ পূৰ্বেও সেই ঠাইত আগ্নিকাণ্ড সংঘটিত হয় যদিও NHPC ৰ কৰ্তৃপক্ষৰ কোনো গুৰুত্ব প্ৰদান কৰা দেখা নাই , এই কথাত স্থানীয় প্ৰকৃতিপ্ৰেমী সচেতন মহলে NHPC ৰ কৰ্তৃপক্ষক তীব্ৰ ভাষাৰে গৰিহণা দিছে ।

Exit mobile version