Bijni:
চিৰাং জিলাৰ বিজনী ২নং ভালাতলত নিশা উত্তপ্ত পৰিস্থিতি I ভূমি কেন্দ্ৰিক বিবাদৰ আচামীক ধৰিবলৈ যাওঁতে বিজনী আৰক্ষীৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ আচামীৰ পৰিয়ালৰ।
উল্লেখ্য যে, আচামী আব্দুল ছালাম(৪৪) আৰু আব্দুল লতিফ(২৫) এই দুজনৰ নামত বিজনী আদালতত হাজিৰ নোহোৱাত ওৱাৰেন্টৰ ভিত্তিত বিজনী আৰক্ষীৰ দলে নিশা আচামীদ্বয়ক ধৰিবলৈ যাওঁতে বিজনী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰিতুজ্যোতি নাথ আৰু মহিলা আৰক্ষীৰ লগতে আৰক্ষীৰ দলৰ ওপৰত উপৰ্যুপৰি আক্ৰমণ আচামী পৰিয়ালৰ। আক্ৰমণকাৰী দলটোৱে আৰক্ষীক কামোৰাৰ লগতে আৰক্ষীৰ পোচাক ছিঙি আৰক্ষীৰ বাহনতো আক্ৰমণ চলায় আচামীদ্বয়ৰ পৰিয়ালে।
আব্দুল আজিজ , সাহজামাল আলী ,আলী হুছেইন ,সাহদত আলী ,আব্দুল ছালাম, আব্দুল লতিফ I ঘটনা সন্দৰ্ভত বিজনী আৰক্ষীৰ দলৰ ওপৰত আক্ৰমন চলোৱা উল্লেখিত নাম সমুহৰ ৫ জন আলী হুচেইনৰ পুত্ৰ আৰু এজন তেওঁৰ ককায়েক।
ইয়াৰে মূল অভিযুক্ত আব্দুল ছালামক আৰক্ষীয়ে আটক কৰি লৈ অহাৰ লগতে আব্দুল লতিফ পলাতক হৈ আছে। ঘটনাটোত বিজনী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুজ্যোতি নাথ, লেছনায়ক কনক দাস, মহিলা কনিষ্টবল অনুপা দাস আৰু কনিষ্টবল ৰাহুল আমিন আহত হয়।
