স্বয়ংক্রিয়ভাৱে সলনি হ’ব ঘূর্ণনৰ বেগ

আহি আছে শৰীৰৰ ভাষা বুজি পোৱা পাংখা

1771932483 new project 2026 02 24t162319 358

Artificial Intelligence:✒️গৰমৰ দিনত নিশা শুই থকা অৱস্থাত ঠাণ্ডা অনুভৱ হ’লে নিশ্চয় আপুনি চলি থকা বৈদ্যুতিক পাংখাখনৰ বেগ হ্রাস কৰে। তাৰ বাবে আপুনি শোৱাৰ পৰা নিশ্চয় উঠিবলগীয়া হয়। কিন্তু নিশা ইয়াকে কৰিবলৈ অদূৰ ভবিষ্যতে আপুনি শোৱাৰ পৰা উঠাৰ প্রয়োজন নহ’ব।

কাৰণ অচিৰে বজাৰত এনে – বৈদ্যুতিক পাংখা উপলব্ধ হ’ব যিয়ে শৰীৰৰ ভাষা বুজি স্বয়ংক্রিয়ভাবে বেগ সলনি কৰে।

অর্থাৎ আপোনাৰ পাংখাখন ঘুৰি থাকোতে যদি ঠাণ্ডা অনুভৱ হৈছে তেন্তে পাংখাখনৰ ঘূর্ণন বেগ স্বয়ংক্রিয়ভাবে হ্রাস পাব। কথাটো শুনিবলৈ আচহুৱা যেন লাগিলেও সত্য। কাৰণ এনে পাংখা কৃত্রিম বুদ্ধিমত্তা প্রযুক্তিযুক্ত।

বিশেষজ্ঞসকলে কৈ আহিছে যে কৃত্রিম বুদ্ধিমত্তা প্রযুক্তিয়ে চৌপাশৰ পৃথিৱীখনলৈ সাগৰসম পৰিৱৰ্তন আনি আছে। মানুহৰ পৰিৱৰ্তে যন্ত্রই ‘চিন্তা’ কৰি কাম কৰিবলৈ ল’ব। অর্থাৎ বহু ক্ষেত্রত মানুহৰ প্রয়োজন নোহোৱা হ’ব।

ইতিমধ্যে চছমাৰ পৰা ৰূপসজ্জাৰ সামগ্রীলৈ, বিভিন্ন চিকিৎসা সঁজুলি আদিত কৃত্রিম বুদ্ধিমত্তা ব্যৱহাৰ হ’বলৈ ধৰিছে। শেহতীয়াভাবে এজন প্রযুক্তিবিদে চিলিং ফেনত কৃত্রিম বুদ্ধিমত্তাব সংযোগ ঘটাইছে।

এনে পাংখা বিশেষ ধৰণৰ মটৰ আৰু ছেন্সবযুক্ত হ’ব যিয়ে শৰীৰৰ তাপমাত্রা সঠিকৈ নির্ণয় কৰিব পাৰে। তদুপৰি এনে পাংখাই তাপমাত্রা আৰু গাঢ়তাও সঠিককৈ নির্ণয় কৰিব পাৰে। উল্লেখ্য যে নিশা শোৱাৰ পাছত শৰীৰৰ তাপমাত্রা সলনি হয়। মাজনিশা বা পুৱাৰ ফালে পৰিৱেশৰ তাৰতম্য ঘটে বাবে কেতিয়াবা গৰম দিনতো ঠাণ্ডা অনুভৱ হয়।

এনে অৱস্থাত ঘূৰি থকা ছিলিং ফেনখনৰ বেগ বহুতে হ্রাস কৰে। কৃত্রিম বুদ্ধিমত্তা প্রযুক্তিযুক্ত ফেনৰ ক্ষেত্ৰত তাকে কৰাৰ প্ৰয়োজন নহ’ব। সেই ফেনে শুই থকা ব্যক্তিৰ নিদ্ৰাৰ প্ৰকৃতি সঠিককৈ বিশ্লেষণ কৰে। যেনেদৰে ঠাণ্ডা অনুভৱ হ’বলৈ ঘূর্ণন বেগ হ্রাস পাব তেনেকৈ অধিক গৰম উঠিলে ফেনখনৰ ঘূর্ণন বেগ বৃদ্ধি পাব।

তদুপৰি এই ফেনৰ স’তে ৱাইফাই সংযোগ কৰি এলাৰ্মৰ ব্যৱস্থাও কৰিব পৰা হ’ব।

Exit mobile version