Sikkim:✒️ছিকিমত বিগত কিছুদিন ধৰি প্ৰচণ্ড তুষাৰপাত। এই তুষাৰপাতৰ বাবে ৰাজ্যৰ বিভিন্ন পৰ্যটন স্থানত আৱদ্ধ হৈ পৰিছে বহু পৰ্যটক। ৰাজপথত দীঘলীয়া শাৰী বাহন। বহুতে নিজৰ বাহনতে আৱদ্ধ হৈ আছে। অৱশ্যে ক্ৰমান্বয়ে উদ্ধাৰৰ কাম আৰম্ভ হৈছে। বুধবাৰে পুৱা পূব ছিকিমৰ পৰা ২৭০০ পৰ্যটকক উদ্ধাৰ কৰা হয়।
অধিকাৰীসূত্ৰে জনোৱা মতে, ছিকিমৰ জনপ্ৰিয় পৰ্যটনস্থলী চোমগো হ্ৰদ (Tsomgo Lake)লৈ যোৱা পথত বৃহৎ পৰিমাণৰ বৰফ জমা হোৱাৰ ফলত শতাধিক যানবাহন আৱদ্ধ হৈ পৰে। আনুমানিক ৫৪০ৰো অধিক গাড়ীত থকা পৰ্যটকসকল পথত আৱদ্ধ হৈ পৰিছিল।
পাছত ৰাজ্য প্ৰশাসন, আৰক্ষী আৰু উদ্ধাৰকাৰী দলে সমন্বিত অভিযান চলাই পৰ্যটকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰে। মঙলবাৰে নিশালৈকে উদ্ধাৰ অভিযান সম্পূৰ্ণ কৰা হয়।
অৱশ্যে কোনো হতাহতৰ ঘটনা সংঘটিত হোৱা নাই বুলি প্ৰশাসনে নিশ্চিত কৰিছে। তুষাৰপাতৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে পৰ্যটকসকলক সতর্কতামূলক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে।






























