Milk:✒️বহুতে গাখীৰ আৰু ফল একেলগে খাই ভাল পায়। তেওঁলোকে ভাবে যে ই পুষ্টি যোগ কৰে। কিন্তু এই সংমিশ্রণ আচলতে স্বাস্থ্যকৰ নেকি? ভয়ৰ মূল কাৰণ ফল আৰু গাখীৰত থকা এচিডিক পৰিমাণৰ মাজত সম্ভাব্য ৰাসায়নিক বিক্রিয়া বুলি ধৰা হয়, যিটো শৰীৰৰ বাবে ক্ষতিকাৰক।
অৱশ্যে কথাটো ইমান সহজ নহয়। এই বিষয়ত ভুল ধাৰণা ভংগ কৰিবলৈ আগবাঢ়ি আহিছে ফিটনেছ প্রশিক্ষক ৰালষ্টন ডি ছৌজাই। ২১ জানুৱাৰীত ইনষ্টাগ্রামত পোষ্ট কৰা এটা ভিডিঅ’ত তেওঁ ফলমূল আৰু গাখীৰ একেলগে খোৱাৰ সাধাৰণ বিপদৰ বিষয়ে বুজাইছে।
পুৱাৰ জলপানত ফলমূল আৰু গাখীৰৰ সংমিশ্রণ বহুতৰে বাবে অতি চিনাকি। কিন্তু গাখীৰ নষ্ট হোৱাৰ ভয়ত বহুতে এই খাদ্য পৰিহাৰ কৰে। ৰালষ্টনৰ মতে এই ভয় মূলতঃ এই বিশ্বাসৰ পৰাই উদ্ভৱ হয় যে গাখীৰৰ লগত ভিটামিন চি সমৃদ্ধ ফল খালে গাখীৰ নষ্ট হয়। যাৰ ফলত পেটৰ সমস্যা হয় বুলি ধাৰণা কৰা হৈছে।
কিন্তু তেওঁ স্পষ্ট কৰি দিয়ে যে গাখীৰ নষ্ট হোৱাৰ এই প্ৰক্ৰিয়াটো একেবাৰেই অস্বাভাৱিক নহয়। বৰঞ্চ ই আমাৰ শৰীৰৰ ভিতৰত স্বাভাৱিকভাবে ঘটে।
ৰালষ্টনৰ মতে গাখীৰত থকা কেচিন প্র’টিনে সাধাৰণতে ইটোৱে সিটোক বিকৃত কৰে, ফলত গাখীৰ তৰল অৱস্থাত থাকে। কিন্তু গাখীৰৰ লগত নেমুৰ ৰস বা ভিনেগাৰৰ দৰে এচিডিক উপাদান মিহলাই দিলে পি এইছ কমি যায়।
তাৰ পাছত কেচিন প্ৰ’টিনৰ গুণ সলনি হয় আৰু ইটোৱে সিটোক আকৰ্ষণ কৰিবলৈ আৰম্ভ কৰে, যাৰ ফলত গাখীৰ দৈ হয়।
বহুতে গাখীৰৰ গঠন সলনি কৰিলে শৰীৰৰ বাবে ক্ষতিকাৰক বুলি ভাবিব পাৰে। কিন্তু ৰালষ্টনৰ মতে এই ধাৰণা ভুল। পনিৰ একে ধৰণেৰে তৈয়াৰ কৰা হয়। কেৱল সেয়াই নহয় গাখীৰ আমাৰ পেটতো স্বাভাৱিকভাৱে দৈ হয়।
পাচন প্রক্ৰিয়াৰ অংশ হিচাপে পেটৰ এচিডে গাখীৰ জমা কৰে। লগতে তেওঁ কয়, ‘বিশুদ্ধ গাখীৰ খালেও পেটত দৈ হৈ পৰিব। গতিকে ভিটামিন চি সমৃদ্ধ ফলৰ স’তে গাখীৰ খালে গাখীৰ নষ্ট হয় বা খাদ্য অস্বাস্থ্যকৰ হয় বুলি ধাৰণাটোৰ কোনো বৈজ্ঞানিক ভিত্তি নাই।’
বিশেষজ্ঞসকলৰ মতে সাধাৰণতে ফলমূল আৰু গাখীৰ একেলগে খালে অসুস্থ হোৱাৰ কোনো আশংকা নাথাকে, যদিহে কোনোবাই লেক্ট’জ অসহিষ্ণু নহয় বা পূৰ্বতে অন্ত্ৰৰ সমস্যা নাথাকে।
যিহেতু গাখীৰ পেটত প্রাকৃতিকভাবে হজম হয়, গতিকে এই খাদ্য সংমিশ্রণক লৈ ভয় কৰাৰ কোনো কাৰণ নাই বুলিও কয় ফিটনেছ প্রশিক্ষণগৰাকীয়ে।
