Accident in Samaguri :
নগাঁৱৰ চামগুৰিৰ তেলিয়াগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা,থিতাতে নিহত দুই যুৱক,আহত এজন I নিয়ন্ত্ৰণ হেৰুৱাই ১২৭নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰত খুন্দা মাৰি আন এখন ট্ৰাকত প্ৰচণ্ড খুন্দা এখন ডিজায়াৰ বাহনৰ I গুৱাহাটীৰ পৰা চামগুৰি অভিমুখী ডিজায়াৰ বাহন আৰু যোৰহাটৰ পৰা নগাঁও অভিমুখী ট্ৰাকৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনাটো I দুৰ্ঘটনাটোৰ ফলত AS 01 FS 5676 চাৰিচকীয়া বাহন খন সম্পূৰ্ণৰূপে বিধ্বস্ত হয় ৷
নিহত হয় চাৰিচকীয়া বাহন খনৰ আৰোহী মানস কলিতা আৰু দ্বিপেন কলিতা I ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনা গ্ৰস্ত দুয়োখন বাহন খন উদ্ধাৰ কৰাৰ লগতে বাহন খনৰ আন এজন আৰোহী সমিৰন কলিতাক সংকটজনক অৱস্থাত ততাতৈয়াকৈ প্ৰেৰণ কৰে নগাঁও চিভিল হাস্পতাললৈ I তিনিওজনৰে ঘৰ নলবাৰীৰ ঘগ্ৰাপাৰাত বুলি জানিব পৰা গৈছে I
আনহাতে নিহত দুই যুৱকৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে।






























