Jayanta malla Baruah:
মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নেতৃত্বত একাংশই উন্নয়নমূলক কামৰ ধনত লুণ্ঠনৰাজ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। প্রদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতাই তথ্য জনাৰ অধিকাৰ আইন (আৰটিআই)ৰ অধীনত কৰা আবেদনৰ ভিত্তিত পোৱা তথ্যৰ আধাৰত মন্ত্ৰী মল্লবৰুৱা আৰু তেওঁৰ ঘনিষ্ঠই চলোৱা লুণ্ঠনৰাজৰ তথ্য প্ৰকাশ কৰিছে।
এই সন্দৰ্ভত কংগ্রেছ নেতাজনে কয় যে ২০২২ৰ ছয় মাৰ্চত আন্তঃগাঁথনি উন্নয়ন আৰু সৌন্দর্যবর্ধন আঁচনিৰ অধীনত নলবাৰীত নলা নিৰ্মাণৰ কাম আৰম্ভ হয়। এই নলা নির্মাণত ব্যাপক কেলেংকাৰি সংঘটিত হোৱ হোৱা বুলি অভিযোগ কৰি কলিতাই আৰটিআই আবেদনত পোৱা তথ্য সদৰী কৰে। ইয়াৰ উদ্ধৃতি দি তেওঁ কয়, ‘২০২২ৰ ছয় মাৰ্চত নলবাৰী চহৰ-হাজো ৰোডত ২,৮০০ মিটাৰ, পল্লা ৰোডত ২,৫৫০ মিটাৰ, বৰমা ৰোডত ২,১০০ মিটাৰ, এনটি ৰোডত ১,৮৫০ মিটাৰ, কলেজ ৰোডত ১,০০৪ মিটাৰ আৰু পিএনচি ৰোডত ৪৪১ মিটাৰসহ ১০,৭৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা নিৰ্মাণৰ কাম হাতত লোৱা হয়।
এই নির্মাণ কামৰ ঠিকা আবণ্টন দিয়া হয় স্থানীয় বিধায়ক তথা মন্ত্রী মল্লবৰুৱাৰ ঘনিষ্ঠ হাইটেক ইক’ গ্রীণ কনস্ট্রাকছন এলএলপি আৰু এজিএইছ কনষ্ট্রাকছন প্রাইভেট লিমিটেড নামৰ দুটা বহিৰাগত কোম্পানীক।’ ইয়াৰে ইক’ কনষ্ট্ৰাকছন এলএলপিয়ে লাভ কৰে ‘গ্রুপ এ’ৰ অন্তর্ভুক্ত হাজো ৰোড, পল্লা ৰোড আৰু বৰমা ৰোডৰ নলা নিৰ্মাণৰ ঠিকা।
আনহাতে, এজিএইছ কনস্ট্রাকছনে লাভ কৰে এনটি ৰোড, কলেজ ৰোড আৰু পিএনচি ৰোডৰ নলা নিৰ্মাণৰ ঠিকা। কিন্তু মন্ত্ৰীৰ স’তে থকা ঘনিষ্ঠতাৰ সূত্রে দুয়োটা কোম্পানীয়ে নির্মাণকার্যত উন্নতমানৰ ৰডৰ পৰিৱৰ্তে দুর্গাপুৰৰ দৰে একেবাৰে নিম্নমানৰ ৰড ব্যৱহাৰ কৰে বুলি কংগ্রেছ নেতাজনে অভিযোগ কৰিছে। তেওঁ লগতে অভিযোগ কৰা অনুসৰি, এই নলাৰ পকী গাঁথনি নিৰ্মাণত উন্নতমানৰ ভঙা শিল ব্যৱহাৰ কৰা নিয়মৰ পৰিৱৰ্তে নিম্নমানৰ নদীৰ শিল ব্যৱহাৰ কৰে। এনে নিম্নমানৰ ৰ’ড আৰু শিলেৰে নিৰ্মাণ কৰা এই নলাসমূহ কিমান দিন ভালে থাকিব বুলিও কলিতাই প্রশ্ন উত্থাপন কৰিছে। তেওঁ কয় যে এই নির্মাণ কার্যক লৈ স্থানীয় ৰাইজেও সন্দেহ প্রকাশ কৰিছে।
ইপিনে, মন্ত্রী মল্লবৰুৱাৰ আশীৰ্বাদপুষ্ট এই দুই বহিৰাগত কোম্পানীয়ে বাঁহৰ বেৰিকেডৰ নামত কাম নকৰাকৈয়ে ৩৫ লাখ ৪৫ হেজাৰ টকা আত্মসাৎ কৰা বুলিও কংগ্রেছ নেতাজনে অভিযোগ উত্থাপন কৰিছে। তেওঁ প্ৰকাশ কৰা অনুসৰি, পল্লা ৰোডৰ বাঁহৰ বেৰিকেডৰ নামত ৬,০৬,৮১৪ টকা, হাজো ৰোডলৈ ৬,৬৬,৩০৬ টকা, বৰমা ৰোডলৈ ৪,৯৯,৭২৯ টকা, এনটি ৰোডলৈ ৪,৪০,২৩৭ টকা, পিএনচি ৰোডলৈ ৬,৬৬,৩০৬ টকা, কলেজ ৰোডলৈ ৬,৬৬,৩০৬ টকা আবণ্টন হৈছিল।
এই সমষ্ট ধন বহিৰাগত কোম্পানী দুটাই আত্মসাৎ কৰা বুলি তেওঁ অভিযোগ কৰিছে। তেওঁ লগতে অভিযোগ কৰা অনুসৰি, নলাৰ ওপৰত ব্যৱহাৰ কৰা আলংকাৰিক গ্ৰীলৰ নামতো নিম্নমানৰ লো ব্যৱহাৰ কৰা হৈছে।
