Dispur:
দৈনিক অগ্ৰদূত ডিজিটেল ডেক্স:মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস। অকলশৰীয়া পথচাৰী মহিলা দেখিলেই চিলনী চোৰে থপিয়াই দিয়ে সোণৰ চেইন ৷ ইতিমধ্যে দিন – দুপৰতে সোণৰ চেইন থপিয়াই নিয়াৰ ঘটনা সংঘটিত হৈ অহাৰ মাজতে আৰক্ষীয়ে চলোৱা এক অভিযানত বহি:ৰাজ্যৰ এটা গভাইত চিলনী চোৰ আৰক্ষী জালত পৰে ৷
এগৰাকী মহিলাৰ ডিঙিৰ চেইন থপিয়াই নিছিল চিলনী চোৰটোৱে ৷ এই সন্দৰ্ভত খবৰ পোৱাৰ মাত্ৰকে দিছপুৰ আৰক্ষীয়ে বৰবাৰীত অৰ্তকিতে অভিযান চলাই বিশাল সিং নামৰ চোৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় চোৰটোৰ পৰা এডাল সোণৰ চেইন উদ্ধাৰ কৰে ৷ ধৃত চোৰটোৰ ঘৰ বিহাৰা চাপৰাৰ নাপৰাত ৷ উল্লেখ্য যে ধৃত চিলনী চোৰটোৱে মহানগৰীত কে’বাটাও চুৰিকাৰ্যৰে জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷





























