Supreme Court :
মন্ত্রীসকলক কোনো বিশেষ সম্প্রদায়ক লক্ষ্য কৰি আক্ৰমণাত্মক বক্তব্য প্রকাশ নকৰিবলৈ সতৰ্ক কৰি দিলে দেশৰ উচ্চতম ন্যায়ালয়ে। সাংবিধানিক পদত অধিষ্ঠিত হৈ কোনেও ধর্ম-জাতি-ভাষা-অঞ্চল ভিত্তিত কোনো সম্প্রদায়ক আক্রমণ কৰিব নোৱাৰে। আজি এইদৰে কয় সর্বোচ্চ ন্যায়ালয়ৰ এক যুটীয়া বিচাৰপীঠে। সম্প্রতি অসমকে ধৰি দেশৰ কেতবোৰ ৰাজ্যত মুখ্যমন্ত্রী তথা অন্যান্য মন্ত্রীয়ে এনে ধৰণৰ ভাষ্য দাঙি ধৰাক কেন্দ্ৰ কৰি ব্যাপক বিতৰ্কৰ সূত্রপাত হৈছে।
এই প্রসংগতে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই কয়, ‘এজন মানুহে আন এজনৰ প্ৰতি সম্মান আৰু শ্ৰদ্ধাৰ মনোভাব পোষণ কৰাটো প্রয়োজনীয়। একেদৰে জাতি-ধর্ম অথবা ভাষা অবিহনে ভ্রাতৃত্ববোধ গঢ়ি তোলাটো আৰু সহনাগৰিকক সম্মান কৰাটো এক সাংবিধানিক ধর্ম যাক আমি মানি চলিব লাগিব।’ তেওঁ কয়, ‘চৰকাৰী পদাধিকাৰী হওক অথবা সাধাৰণ লোকেই হওক ভাষণ, মেমে, কার্টুন অথবা ভিজুৱেল আর্ট আদি যিকোনো মাধ্যমৰ জৰিয়তে কোনো সম্প্রদায়ক অপমান অথবা কলংকিত কৰিব নোৱাৰিব।’
নেটফ্লিক্সত প্ৰচাৰিত নীৰজ পাণ্ডেৰ ছবি ‘ঘোচখোৰ পণ্ডত’ক লৈ চলি থকা এক গোচৰৰ নিষ্পত্তি কৰি পর্যবেক্ষণত এইদৰে কয় ন্যায়াধীশ ভূঞাই। ন্যায়াধীশ বি ভি নাগৰত্ন আৰু ন্যায়াধীশ ভূঞাৰ যুটীয়া বিচাৰপীঠত এই গোচৰৰ নিষ্পত্তি হয়।
ন্যায়ালয়ে কয় যে উচ্চ সাংবিধানিক পদবীধাৰী ৰাজহুৱা ব্যক্তি যেনে মন্ত্রীসকলে কোনো ধর্ম, জাতি, বর্ণ অথবা অঞ্চল ভিত্তিত কোনো নির্দিষ্ট সম্প্রদায়ক আক্রমণ কৰিব নোৱাৰে, এই কাৰ্যৰ দ্বাৰা সংবিধান উলংঘা কৰা হয়। উল্লেখ্য যে অসমৰ মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন বক্তব্যক লৈ উদ্ভৱ হোৱা শেহতীয়া বিতৰ্কৰ পৰিপ্ৰেক্ষিতত আদালতৰ এই মন্তব্যই অতি প্রাসংগিকতা লাভ কৰিছে। অলপতে দেশৰ মুখ্য ন্যায়াধীশ সূর্যকান্তৰ বিচাৰপীঠে মুখ্যমন্ত্রী শৰ্মাৰ বিৰুদ্ধে সর্বোচ্চ ন্যায়ালয়ত দাখিল হোৱা গোচৰত সংবিধানৰ অনুচ্ছেদ ৩২ প্রযোজ্য কৰাৰ পৰা বিৰত থাকে আৰু আবেদনকাৰীসকলক উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিবলৈ কয়।
ইপিনে, আদালতে সংবিধানৰ অনুচ্ছেদ ৫১ক (ঙ)ৰ প্ৰসংগ উত্থাপন কৰি কয় যে ধর্মীয়, ভাষিক, আঞ্চলিক বৈচিত্র্যৰ পৰিধি ভাঙি একতা আৰু ভ্রাতৃত্ববোধৰ প্ৰসাৰ কৰাটো প্ৰতিজন নাগৰিকৰ এক মৌলিক কৰ্তব্য। ভাৰতৰ সংবিধানৰ মূল উদ্দেশ্য আৰু ইয়াৰ প্ৰস্তাৱনাৰ পথ প্ৰদৰ্শক দৰ্শনৰ অন্যতম হৈছে ভ্রাতৃত্ববোধ। আদালতে কয় যে ড:আম্বেদকাৰে ভ্ৰাতৃত্ববোধৰ স’তে স্বাধীনতা আৰু সমতাৰ ধাৰণাক অতি গুৰুত্ব প্ৰদান কৰিছিল।
আদালতে কয় যে যেতিয়া উচ্চ সাংবিধানিক পদবীধাৰীয়ে যিকোনো মাধ্যমেৰে কোনো সম্প্রদায়ক আক্রমণ অথবা অপমান কৰে তেন্তে সংবিধানৰ এনেবোৰ আধাৰনীতি অত্যন্ত প্রাসংগিক বিষয় হৈ পৰে। আদালতে কয়, ‘তেওঁ যিয়েই নহওক কিয়, ধর্ম-ভাষা, সম্প্রদায় অথবা অঞ্চলভিত্তিত কোনো নির্দিষ্ট সম্প্রদায়ক লক্ষ্য কৰি লোৱাটো সংবিধান উলংঘা কৰা হয়। সংবিধান ৰক্ষাৰ শপত গ্ৰহণ কৰা উচ্চ সাংবিধানিক পদত থকা ৰাজহুৱা ব্যক্তিৰ ক্ষেত্ৰত ই বিশেষভাৱে প্রযোজ্য।’
উল্লেখ্য যে যোৱা ১৯ ফেব্ৰুৱাৰীতে আদালতে গোচৰৰ নিষ্পত্তি কৰে। পৰিচালক নীৰজৰ শপতনামাৰ পাছত উচ্চতম ন্যায়ালয়ে গোচৰটো নিষ্পত্তি কৰে আৰু কয় যে আগন্তুক দিনত ইয়াক লৈ অধিক বিতৰ্কৰ উদ্ভৱ নহ’ব বুলি আদালতে আশা কৰে। এই পৰিস্থিতিত ন্যায়াধীশ ভূঞাই তেওঁৰ ৰায়দানত দেশবাসীৰ মাজত ভ্রাতৃত্ববোধ আৰু দেশৰ ঐক্যৰ কথা উল্লেখ কৰে।
তেওঁ কয় যে ভ্রাতৃত্ববোধ গঢ়ি তোলা আৰু জাতি, ধর্ম বা ভাষা নির্বিশেষে সহনাগৰিকক সম্মান কৰাটোৱে সাংবিধানক ধর্ম। আমি সকলোৱে ইয়াক অনুকৰণ কৰা উচিত। মন কৰিবলগীয়া যে নীৰজ পাণ্ডেৰ ছবিখনৰ নাম এটা নির্দিষ্ট সম্প্ৰদায়ৰ প্ৰতি অপমানজনক বুলি অভিযোগ উঠে। ইতিমধ্যে ছবিখনৰ নিৰ্মাতা পক্ষই নাম পৰিৱৰ্তনৰ বাবে সম্মত হোৱাত গোচৰটো নিষ্পত্তি হয়।
