Today’s Horoscope:দিনটোৰ ৰাশিফল
মেষ: সাৱধানে দিনটো পাৰ কৰক। দৰকাৰী কামত অৱহেলা নকৰিব। শৰীৰ বৰ ভালেৰে নাযাব পাৰে। বিদ্যাত মজলীয়া ফল। খাদ্যাদিত যত্ন লওক। প্রেমত বিবাদ। শুভ ৰং মাটিয়া। শুভ সংখ্যা ২।
বৃষ: উন্নত দিনৰ অনুমান। যোগাযোগত খুব বেয়া নহ’ব। আর্থিকতো বিশেষ কষ্ট নাপাব। বিদ্যাত মনোযোগ দিব পাৰিব। ব্যৱসায়ত বেয়া নহ’ব। শুভ ৰং বগা। শুভ সংখ্যা ৩।
মিথুন: সামাজিক ক্ষেত্ৰত উন্নত পৰিৱেশ নাপাব। অত্যান্ত শুভ কথাতো আপুনি সন্তোষ কম পাব। আর্থিকত ব্যয় বৃদ্ধি পাব। শৰীৰৰ দুৰ্বলতা থাকিব। শুভ ৰং ৰঙা। শুভ সংখ্যা ৫।
কর্কট: ফৰকাল অনুভৱ কৰিব। কর্মক্ষেত্রতো বিশেষ বাধা নাপাব। কর্তব্যত আগ্রহ বাঢ়িব। শৰীৰৰ বিশেষ সমস্যা নাথাকিব। উৎসাহজনক কথাত যোগদান। শুভ ৰং সোণালী। শুভ সংখ্যা ৭।
সিংহ: আনন্দ প্রাপ্তিৰ যোগ। কোনো কর্মত আনন্দ পাব। পৰিৱেশো প্রতিকূল নহ’ব। পঢ়া-শুনাত বাধা কম। ব্যৱসায় বা স্বাধীন কৰ্মজীৱনৰ প্রতি আস্থা আহিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৫।
কন্যা: আকস্মিক অর্থপ্রাপ্তিৰ যোগ। বিদ্যাত শুভ। ব্যৱসায়ীসকলৰ উৎসাহ বৃদ্ধি পাব। খুব উন্নত নহ’ব। অযথা দুশ্চিন্তা দুৰাকাংক্ষাই আমনি কৰিব। শুভ ৰং বগা, শুভ সংখ্যা ৮।
তুলা: দুৰ্ভাৱনা এৰাব নোৱাৰিব। অসম্পাদিত কামত সাধাৰণ উৎকণ্ঠা থাকিব। কিবা দৰকাৰী কাম আছে যদি সমাধানৰ চেষ্টা কৰক। শৰীৰ মধ্যম। শুভ ৰং, ক্রীম বা গেৰুৱা। শুভ সংখ্যা ১।
বৃশ্চিক: আপোনাৰ জাতিশীল কৰ্মৰ দ্বাৰা ঈপ্সিত আশা পূৰণৰ কাৰক। কর্মত মধ্যম। দুই-এটা কামত দুশ্চিন্তাও সোমাব। উপায়হীনে নতুন আশা দেখিব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৪।
ধনুঃ শৰীৰ সম্পৰ্কে সচেতন থাকক। আপোনাৰ কোনো সমস্যা সমাধানৰ কাৰক। কিন্তু দুই-এটা ঘৰুৱা কাৰণত মনটো ফৰকাল নাথাকিব পাৰে। শুভ ৰং মেৰুণ। শুভ সংখ্যা ৮।
মকৰ: উন্নত পৰিৱেশ। দিনৰ ১০ বজাৰ পৰা আৰু কিছু উন্নত। আর্থিকত বেয়া দেখা নাযায়। শিল্প বিদ্যাত আনন্দ। দাম্পত্যত অলপ দুশ্চিন্তা থাকিব। শুভ ৰং বগা। শুভ সংখ্যা ১।
কুম্ভ: কর্মব্যস্ততা বাঢ়িব। শৰীৰ মধ্যম। গুৰুতৰ কাম আদি হাতত ল’লেও ভবা শুনা কৰি ল’ব। কৰ্মত নতুন উদ্যম। আর্থিকত খৰচ বৃদ্ধি পাব। প্রেম-প্রীতিত মধ্যম। পঢ়া-শুনাত খেলিমেলি থাকিব। শুভ ৰং আকাশী বা কমলা। শুভ সংখ্যা ৬।
মীন: পুৱা ১০টালৈ কিছু সাৱধান থকাটো ভাল। বিদ্যাত তেনে অসুবিধা নাই। কর্মব্যস্তসকল কর্মকালত কিবা অশান্তি অনুভৱ কৰিব। ঘৰুৱাত শুভ কর্ম সম্পাদন। আর্থিকত মজলীয়া। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৫।
