Accident in Sivsagar:
শিৱসাগৰৰ ভটিয়াপাৰৰ ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত থিতাতে কৰুণ মৃত্যু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা বিদ্যার্জিৎ বৰুৱাৰ ৷ বৰুৱাৰ ঘৰ ১ নং কাথাপাৰ গাঁৱত। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ চিভিল হাস্পতাললৈ প্ৰেৰণ কৰে। সৰবৰাহ বিদ্যার্জিৎ বৰুৱাৰ আছুৰ প্ৰাক্তন নেতা আছিল। যুৱ অভিযন্তা গৰাকীৰ শোকাৱহ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে শোকাহত হৈ পৰে তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধ।
